লখিমপুৰৰ মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সম্পন্ন

by-polls-570x427

সোমবাৰে লখিমপুৰৰ মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। ইয়াৰ ভিতৰত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ আসন সমূহত ৭৫.৭১শতাংশ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসনসমূহত ৮২.৩৯ শতাংশ ভোটগ্ৰহণ হয়।

২১ জানুৱাৰি সোমবাৰে  জিলাখনৰ ১৮নং ভীমপাৰা বগীনদী, ১৯ নং ঘূনাসুতি পূব তেলাহি, ২৩ নং লুইত পশ্চিম, ২৪ নং ৰহানদী আৰু ২৫ ডিক্ৰং এই মুঠ ৫টা মিচিং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টি আৰু ২১ নং তেলাহি আৰু ২ নং বগীনদী এই দুটা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ১২০টা ভোটকেন্দ্ৰ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ২৯টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হয়। আনহাতে, নিৰ্বাচনী বিষয়াসকলে ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ২২ খেৰকটা-দাংধৰা ভোটকেন্দ্ৰটোৰ প’লিং বিষয়া এগৰাকীয়ে ভোটগ্ৰহণৰ বাবে অনুপযুক্ত আচৰণ কৰাৰ ফলত ইয়াত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ ব্যাহত হয়।

তাৰ পাছত ভোটকেন্দ্ৰটোৰ ২য় প’লিং বিষয়া অভিযুক্ত ক্ষীৰেন দাসক গ্ৰেপ্তাৰ কৰা হয়। লখিমপুৰৰ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণৰ সময়ত গণশক্তি আৰু কংগ্ৰেছ দলৰ সমৰ্থসকলৰ মাজত অলপ বাদানুবাদৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

আনহাতে, ঘূনাসুতি-বালিভেটা ভোটকেন্দ্ৰত এজন কংগ্ৰেছ পলিং এজেণ্টে গণশক্তিৰ কৰ্মীক আক্ৰমণ কৰাৰ ফলত হতাহতিৰ সৃষ্টি হয়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বহু কেইটা ভোটকেন্দ্ৰটোত গণশক্তিৰ কৰ্মীসকলে ৰিগিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।