আজি বিধানসভাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ; মহানগৰীৰ ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী

WhatsApp Image 2021-04-06 at 6.54.28 AM

মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত বাঘৰবৰী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী। ফটো: নৰ্থইষ্ট নাও।

আজি ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে তৃতীয় পৰ্যায়য়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ মুঠ ৪০টা সমষ্টিৰ লগতে মহানগৰী গুৱাহাটীৰ চাৰিটা সমষ্টিটো ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানৰ বাবে মহানগৰীৰ ভোটকেন্দ্ৰত  ভোটাৰসকলে পূৰ্বৰে পৰা শাৰী পাতি থকা দেখা গৈছে।

দিছপুৰ সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়।

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ থকা বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ৪০টা সমষ্টিত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

আজি তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিকেইটা হ’ল ক্ৰমে– মানকাচৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, ভৱানীপুৰ, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, বৰপেটা, জনিয়া, বাঘবৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোঁসাইগাঁও, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ,দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী।

অসমত বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব ২ মে’,২০২১ত।

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।

তেওঁলোকৰ ভিতৰত জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পূব গুৱাহাটী সমষ্টিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কোকৰাঝাৰ পূব সমষ্টিত প্ৰমীলা ৰাণী ব্ৰহ্ম, পাটাছাৰকুছি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ছয়গাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, চাপাগুৰী সমষ্টিত উৰ্খাও গৌড়া ব্ৰহ্ম আদি অন্যতম।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৪০ টা সমষ্টিত ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।