ভোটগ্ৰহণ কেন্দ্ৰতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে এগৰাকী প’লিং বিষয়াই।
ঘটনাটো ঘটিছে সোণাৰিত।
সোণাৰিৰ হাজোৱা এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত হৈ থকা প’লিং বিষয়া তুলসী খনিকৰ হঠাতে হৃদৰোগত আক্ৰান্ত হয়।
বিষয়াগৰাকীক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।