NORTHEAST NOW (Assamese)

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

April 22, 2021 6:35 pm · এন ই নাও নিউজ
Updated: April 22, 2021 7:36 pm

‘জয় শ্ৰীৰাম’ ধ্বনিক লৈ উত্তাল হৈ আছে পশ্চিম বংগৰ ৰাজনীতি।

ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণতো এই ধ্বনিক লৈ উত্তপ্ত হৈ পৰে বংগ।

এইবাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজভাগতে খোদ পোলিং অফিচাৰৰ মুখত শুনা গ’ল ‘জয় শ্ৰীৰাম’ ধ্বনি।

পূৰ্বস্থলী নামৰ ঠাইখনত বৃহস্পতিবাৰে পুৱা পোলিং অফিচাৰজনে কৰা এই কাণ্ডক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিৰ্বাচনী আয়োগে তেওঁক এই আচৰণৰ বাবে পোলিং বুথৰ পৰা আঁতৰাই পঠাইছে।

পূৰ্বস্থলীৰ ১ নম্বৰ দৌলগোবিন্দপুৰ জিএছপিএ প্ৰাথিমিক বিদ্যালয়ৰ ৩৫ নম্বৰ বুথত পোলিং অফিচাৰজনে ধ্বনিটো চিঞৰে।

সেই সময়ত ভোটগ্ৰহণৰ পূৰ্বৰ প্ৰস্তুতি হিচাপে মক পোলিং চলি আছিল।

হঠাৎ নিৰ্বাচনৰ দায়িত্বত থকা থাৰ্ড পোলিং অফিচাৰজনে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়াৰ অভিযোগ উঠে।

তাৰপাছতে চাঞ্চল্যৰ সৃষ্টি হয়।

জানিবপৰা মতে, মক পোলিং শেষ কৰি থাৰ্ড অফিচাৰ অৰ্কজিৎ ভট্টাচাৰ্যই চিঞৰে- ”জয় শ্ৰীৰাম সকলো ঠিকঠাক হৈ গৈছে।”

‘জয় শ্ৰীৰাম’ ধ্বনি শুনাৰ পাছতে তৃণমূল কংগ্ৰেছৰ বুথ এজেণ্টজনে আপত্তি প্ৰদৰ্শন কৰে।

তাৰপাছতে নিৰ্বাচনী আয়োগে ভট্টাচাৰ্যক দায়িত্বৰ পৰা আঁঁতৰাই পঠায়।

এই কাণ্ডৰ পাছতে পূৰ্বস্থলী বিধানসভা সমষ্টিৰ তৃণমূল আৰু বিজেপি কৰ্মীসকলৰ মাজত তীব্ৰ বাকযুদ্ধৰ সূচনা হৈছে।

Related News