• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 2:45 pm
বিচপ ফ্ৰাংকো মুলাক্কাল।

বিচপ ফ্ৰাংকো মুলাক্কাল।

762
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে, প’প ফ্ৰান্সিছে জলন্ধৰৰ বিচপ হিচাপে বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে এগৰাকী নানে ধৰ্ষণৰ অভিযোগ অনাৰ পিছত সাময়িকভাৱে তেওঁৰ যাজকৰ দায়িত্ব কাঢ়ি লোৱা হৈছিল। যোৱা বছৰ কেৰালাৰ এখন স্থানীয় আদালতে ধৰ্ষণ গোচৰৰ পৰা দোষমুক্ত কৰাৰ ডেৰ বছৰৰ পাছত বিচপগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে।

ভাৰতত ভেটিকানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ২০১৮ চনত পোপ ফ্ৰান্সিছে এগৰাকী নানৰ ধৰ্ষণৰ দাবীৰ পিছত যাজকৰ দায়িত্বৰ পৰা অব্যাহতি লাভ কৰা মুলাক্কালে ১ জুনত জালন্ধৰৰ বিচপ পদৰ পৰা পদত্যাগ কৰে। ভাৰতীয় এপষ্টোলিক নেন্সিয়েচাৰে কয় যে সকলোৰে কল্যাণৰ বাবে জলন্ধৰ বিচপক পদত্যাগৰ অনুৰোধ কৰা হৈছিল।

লগতে পঢ়ক: ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত ধৰ্ষণৰ গোচৰত বিচপ ফ্ৰাংকো মুলাক্কালক দোষমুক্ত কৰাৰ আদেশ বাতিল বিচাৰি ৰাজ্য চৰকাৰ আৰু নানগৰাকীয়ে দাখিল কৰা আবেদন গ্ৰহণ কৰিছিল কেৰালা উচ্চ ন্যায়ালয়ে। ২০২২ চনৰ জানুৱাৰী মাহত কোট্টাইমেৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত জলন্ধৰৰ লেটিন কেথলিক ডাইচৰ মুৰব্বী মুলাক্কালক এই গোচৰৰ পৰা মুক্ত কৰে।

এজাহাৰত নানগৰাকীয়ে অভিযোগ কৰিছিল যে ২০১৪ চনৰ পৰা ২০১৬ চনৰ ভিতৰত মুলাক্কালে জলন্ধৰ ডাইচৰ মিছনেৰীজ অৱ যীচুচৰ বিচপ হিচাপে কাম কৰি থকাৰ সময়ত তেওঁক ১৩ বাৰ ধৰ্ষণ কৰিছিল।

লগতে পঢ়ক: হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

২০১৮ চনৰ ২৭ জুনত এই এজাহাৰ দাখিল কৰাৰ পিছত ২১ ছেপ্টেম্বৰত ধৰ্ষণকে ধৰি আই পি চিৰ ৭টা ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল মুলাক্কালক। ২০১৯ চনৰ নৱেম্বৰ মাহত এই গোচৰৰ বিচাৰ আৰম্ভ হৈছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd