জনসাধাৰণৰ কথা কোনেও নাভাবে; আমেৰিকাৰ নিৰ্বাচনত দুয়োগৰাকী প্ৰাৰ্থীয়ে ‘অপছন্দ’ পোপৰ

ফটোঃ সংগ্ৰহীত।

সাধাৰণ মানুহৰ বাবে কোনেও নাভাবিব। কোনোৱেই জনদৰদী নহয়। এই মতামত আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দুগৰাকীৰ সন্দৰ্ভত পোপ ফ্ৰান্সিছৰ। তেওঁৰ মতে এজন অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে। আনগৰাকী শিশু হত্যাকাৰী।

শুকুৰবাৰে পোপ ফ্ৰান্সিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰব্ৰজন বিতাড়নৰ পৰিকল্পনাক সমালোচনা কৰে। আনহাতে, বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি তথা ভৱিষ্যত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছে গৰ্ভপাতৰ অধিকাৰৰ সমৰ্থনত লোৱা স্থিতিৰ বাবে সমালোচনা কৰিছে।

ছিংগাপুৰৰ পৰা ৰোমলৈ উভতি অহা বিমানখনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে সোধাত পোপে কয় যে অনুপ্ৰৱেশকাৰীক আদৰণি নজনোৱাটো “গুৰুতৰ পাপ” আৰু গৰ্ভপাতক “হত্যা”ৰ সৈতে তুলনা কৰে।

লগতে পঢ়কঃ বিৰোধীয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ দিছিল,মান্তি নহ’ল; চাঞ্চল্যকৰ দাবী কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

নৱেম্বৰ মাহত ভোটদান কৰাৰ সময়ত আমেৰিকাৰ কেথলিকসকলে “কম নিকৃষ্ট”ক বাছি ল’ব লাগিব বুলি পোপে কয়। যদিও পোপে বক্তৱ্যৰ সময়ত ট্ৰাম্প বা হেৰিছৰ নাম ক’তো ব্যৱহাৰ কৰা নাছিল, তথাপিও তেওঁলোকৰ কৰ্মনীতি আৰু তেওঁলোকৰ লিংগৰ উল্লেখ কৰিয়েই বক্তৱ্য ৰাখিছিল।

দুয়োগৰাকী প্ৰাৰ্থীক সমালোচনা কৰিলেও তেওঁ কয় যে কেথলিকসকলে ভোট দিয়া উচিত। পোপে কয় যে তেওঁ কোনো কাৰণতে ভোটদানৰ পৰা বিৰত থকাৰ সমৰ্থন নকৰে। তেওঁ লেছাৰ ইভিল বাছি লোৱাটোৱেই বেছি ভাল পাব। পোপ ফ্ৰান্সিছে ক’লে, “আপুনি কম বেয়াটো বাছি ল’ব লাগিব। কোন কম বেয়া, ভদ্ৰমহিলা নে ভদ্ৰলোক নাজানো। সকলোৱে নিজৰ বিবেকক অনুসৰণ কৰি ভাৱিচিন্তি কামটো কৰা উচিত।”

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীয়ে পাব নতুন ‘চন্দ্ৰ’, কিমান দিন ৱৰ্তি থাকিব অস্তিত্ব?

উল্লেখ্য যে আমেৰিকাৰ কেথলিকসকলক প্ৰায় প্ৰতিটো সমীক্ষাতে গুৰুত্বপূৰ্ণ ছুইং ভোটাৰ হিচাপে দেখা যায়। পেনচিলভেনিয়া আৰু উইচকনচিনকে ধৰি কিছুমান গুৰুত্বপূৰ্ণ ৰাজ্যত আছে ২০ শতাংশতকৈ অধিক কেথলিক ভোটাৰ। ফলত পোপৰ মতামতে তেওঁলোকৰ ভোট আৰু বেলট বাকচত প্ৰভাৱ পেলাব পাৰে।