আজন্ম শিল্পী তথা তোৰণ সম্ৰাট সিমেন দাসৰ অকাল বিয়োগ; ম্ৰিয়মান গোলাঘাটৰ শিল্পী সমাজ

Artist Simen Das

“মৃত্যু চিৰন্তন সত্য যদিও এই মৃত্যু অসহনীয়, অবিশ্বাস্য।” গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সাংস্কৃতিক কৰ্মী তথা তোৰণ সম্ৰাট হিমেন দাসৰ অকাল মৃত্যু ঘটিছে। শনিবাৰে বিয়লি ২.৩৫ বজাত সকলোকে কন্দুৱাই অনন্তধামলৈ গতি কৰিলে এইজনা সৰলমনা আজন্ম শিল্পীয়ে।

 যোৱা ৩০ অক্টোবৰত গোলাঘাটৰ কমাৰবন্ধাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিল্পীজনক যোৰহাটৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল।

 শনিবাৰে আকস্মিকভাৱে চিকিৎসাধীন অৱস্থাতেই শিল্পীজনে সকলোকে কন্দুৱাই এই সংসাৰ ত্যাগ কৰে।

গোলাঘাটৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত দাস এজন সুদক্ষ তবলাবাদক আছিল। লগতে তেওঁৰ হাতৰ পৰশত প্ৰাণ উঠিছিল অসমৰ বিভিন্ন অনুষ্ঠানৰ তোৰণ। তেওঁৰ হাতত প্ৰাণ পোৱা বিভিন্ন আৰ্হিৰ তোৰণ বহু সময়ত বিশেষভাৱে সমাদৃত হৈ আহিছে।

Also Read: Telengana CM K Chandrashekar Rao চাপত কেন্দ্ৰ! আন্দোলনত মৃত্যু হোৱা ৭৫০ জন কৃষকৰ পৰিয়াললৈ তেলেংগানা চৰকাৰৰ ৩লাখ টকাৰ অনুদান

ইয়াৰ লগতে তেওঁ এজন সফল চিত্ৰকৰ হিচাপেও খ্যাতি লাভ কৰিছিল। সমান্তৰালকৈ গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াত তেওঁৰ অৱদান সদায় স্মৰণীয়।

উল্লেখযোগ্য যে প্ৰয়াত দাস সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগতো তবলা সংগত কৰিছিল। পিছত জয়ন্ত হাজৰিকাৰ দ্বাৰা গঠন হোৱা সুৰবাহিনীতো দাসে সক্ৰিয়ভাৱে অংশ লৈছিল।

তেওঁৰৰ সৃষ্টিশীল কৰ্মৰাজিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষভাৱে সম্বৰ্দ্ধিত আৰু পুৰস্কৃত কৰিছিল। শনিবাৰে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ গোলাঘাটত শোকৰ ছাঁ পৰে।

Also Read: Covid-19 Update দেশত সামান্য বৃদ্ধি পালে কৰ’নাৰ দৈনিক সংক্ৰমণৰ লগতে মৃত্যুৰ সংখ্যা

শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা আজন্ম শিল্পী জনৰ দেওবাৰে গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গোলাঘাটৰ আপোন শিল্পী গৰাকীক গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ প্ৰাংগণত বিভিন্ন দল-সংগঠন আৰু অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯৬৫ চনত জন্মগ্ৰহণ কৰা দাসে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এই সংসাৰত এৰি থৈ গৈছে। দাসৰ এই মৃত্যু এক অপূৰণীয় ক্ষতি অসমবাসীৰ বাবে।