বেডমিন্টনৰ ৭০০ প্ৰশিক্ষকৰ অনলাইন প্ৰশিক্ষণৰ মাজতেই স্ক্ৰীণত ভাহি উঠিল প’ৰ্ণগ্ৰাফী ছবি

Story-16-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

অনলাইনৰ জৰিয়তে ৭০০ৰো অধিক প্ৰশিক্ষকক লৈ প্ৰশিক্ষণ চলি থকাৰ মাজতে হঠাতে ঘটিল অথন্তৰ। স্ক্ৰীণলৈ চাই সকলো হতবাক। সকলোৰে লাজত ক’ত মুখ লুকাও অৱস্থা। কিয়নো তেতিয়া প্ৰশিক্ষকৰ স্ক্ৰীণত ভাহি উঠিছিল কিছুমান প’ৰ্ণগ্ৰাফী ছবি।

বেডমিন্টনৰ অনলাইন প্ৰশিক্ষণৰ মাজত এইদৰেই শুকুৰবাৰে সৃষ্টি হ’ল এক অস্বস্তিকৰ পৰিস্থিতিৰ।

ভাৰতীয় প্ৰশিক্ষক পুল্লেলা গোপীচান্দৰ লগতে এই প্ৰশিক্ষণৰ দায়িত্বত আছিল ইন্দোনেছিয়াৰ প্ৰশিক্ষক আগাছ ডি ছান্টোছো তথা নামৰি ছুৰোটো।

চলি থকা লকডাউনৰ বাবেই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ বহু প্ৰশিক্ষকে অংশ লৈছিল। সেয়াই নহয়, কিছু ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকো অনলাইনৰ সময়ত উপস্থিত আছিল।

মুহূৰ্তৰ বাবে সকলোকে হতবাক কৰি স্ক্ৰীণত ভাহি উঠে প’ৰ্ণগ্ৰাফী ছবি। স্ক্ৰীণৰ পৰা সেই ছবি কোনোমতে আঁতৰি নোযোৱাৰ বাবে অৱশেষত প্ৰশিক্ষক গোপীচান্দে লগ আউট কৰিবলৈ বাধ্য হয়।

তিনি সপ্তাহ পাঁচ দিন ধৰি ৩৯টা বিষয় লৈ চলিবলগীয়া এই অনলাইন বেডমিন্টন প্ৰশিক্ষণৰ মাজতে পয়মালৰ সৃষ্টি কৰিলে প’ৰ্ণ ছবিয়ে।

ইয়াৰ মাজতে এগৰাকী প্ৰশিক্ষকে জানিবলৈ দিয়ে যে প্ৰশিক্ষক ছান্টোছৰ কথা চলি থকাৰ মাজতে হাঠাতে সেই ছবিবোৰ কেইবাবাৰো স্ক্ৰীণত ভাহি উঠে। তেওঁৰ মতে এনেধৰণৰ বৃহৎ ৰূপত কৰা আয়োজনৰ পূৰ্বে সকলোবোৰ ভালদৰে চাই লোৱা উচিত আছিল।

অনলাইন প্ৰশিক্ষণটোত শিশু তথা তেওঁলোকৰ অভিভাৱকসকলৰ গতে বহু মহিলা প্ৰশিক্ষকো উপস্থিত আছিল।

উল্লেখযোগ্য যে জুম এপ’ৰ জৰিয়তে এই অনলাইন প্ৰশিক্ষণটো অনুষ্ঠিত হৈছিল। সেয়েহে জুমকেই বহুতো দোষী সাৱ্যস্ত কৰিব বিচাৰিছে। তেওঁলোকৰ মন্তব্য হ’ল যে গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰণ কৰি জুম এপ’টো ব্যৱহাৰ নকৰাটো সঠিক আছিল। অৱশ্যে,গোটেই বিষয়টোলৈ অনুসন্ধান চলোৱা হৈছে।