কোভিদ-১৯-ৰ পৰৱৰ্তী সময়ছোৱা ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব : অভিনৱ বিন্দ্ৰা

অভিনৱ বিন্দ্ৰা

ভাৰতৰ অলিম্পিক সোণৰ পদক বিজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰাই কোভিদ-১৯-ৰ পৰৱৰ্তী সময়ছোৱা ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

‘‘কোভিদ-১৯-ৰ পৰৱৰ্তী সময়ছোৱা ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবে আশীৰ্বাদস্বৰূপ হ’ব। কোভিদ-১৯-ৰ সংক্ৰমণৰ পাছত বিদেশী প্ৰচাৰ নাথাকিব আৰু ইয়াৰ ফলত ভাৰতে উন্নত মানদণ্ডৰ নিজা ক্ৰীড়া আন্তঃগাঠনি  প্ৰস্তুত কৰিব,’’ অভিনৱ বিন্দ্ৰাই কয়।

‘‘আমি আমাৰ নিজৰ ক্ৰীড়া প্ৰশিক্ষক আৰু ক্ৰীড়া সহায়কাৰী প্ৰস্তুত কৰা উচিত,’’ অলিম্পিক পদক বিজেতা শ্বুটাৰ গৰাকীয়ে লগতে কয়।

আনহাতে, তেওঁ ল’কডাউনৰ সময়ত দেশৰ সকলো নাগৰিকক চৰকাৰ তথা প্ৰশাসনৰ নীতি নিৰ্দেশনা পালন কৰি ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ বাবে ক্ৰীড়া প্ৰতিযোগিতা সমূহ স্তব্ধ হৈ পৰিছে।

খেলুৱৈ সকল ল’কডাউনৰ বাবে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ টকিঅ’ত ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক প্ৰতিযোগিতা ২০২১ চনলৈ পিছুৱাই দিয়া হয়।