জৰিমনাৰ পৰা হাত সাৰিবলৈ জানি লওক ডাকঘৰৰ ছেভিংছ একাউণ্টৰ ন্যূনতম বেলেন্সৰ নতুন নিয়ম

4390-post-office

ডাক বিভাগে ন্যূনতম বেলেন্সৰ (জমা) সীমা ৫০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰিছে। ডাক বিভাগে এই সন্দৰ্ভত গেজেট নটিফিকেশ্যনো জাৰি কৰিছে।

ডাকঘৰত চেভিংছ একাউন্টধাৰীসকলে ৫০০ টকাৰ ন্যুনতম বেলেন্সৰ সীমা বজাই ৰখাত ব্যৰ্থ হ’লে ডাকঘৰে তেওঁৰ ছেভিংছ একাউন্টৰ পৰা বছৰটোৰ শেষটো বিত্তীয় দিনত ১০০ টকা জৰিমনা হিচাপে কৰ্তন কৰিব।

ডাকঘৰ সঞ্চালকালয়ে ডাকঘৰসমূহক সকলো চেভিংছ একাউন্টধাৰীকে যোগাযোগ কৰি ৫০০ টকাৰ ন্যূনতম বেলেন্স ৰক্ষা কৰিবলৈ কোৱাৰ বাবে নিৰ্দেশ দিছে।

ডাকঘৰ সঞ্চালকালয়ে জানিবলৈ দিয়ে মতে, ডাকঘৰৰ ছেভিংছ একাউন্টৰ ন্যূনতম বেলেন্স ৫০ টকা হোৱা বাবে বছৰি ভাৰতীয় ডাক বিভাগে ২৮০০ কোটি টকা লোকচান ভৰিবলগীয়া হৈছে।

যদিহে ডাকঘৰৰ ছেভিংছ একাউন্টৰ ন্যূনতম বেলেন্স একাউন্টধাৰীসকলৰ শূন্য হৈ পৰে তেতিয়া বছৰটোৰ শেষটো বিত্তীয় দিনত ডাকঘৰৰ ছেভিং একাউন্টটো স্বাভাৱিকভাৱেই বন্ধ হৈ পৰিব।

এতিয়াৰে পৰা কোনোৱে ডাকঘৰত ছেভিং একাউন্টট খুলিব বিচাৰিলে ন্যূনতম ৫০০টকা দিব লাগিব।

তেওঁলোকে ডাকঘৰত ছিংগল, জয়েন্ট বা তেওঁলোকৰ নাবালক সন্তানৰ নামতো ডাকঘৰ ছেভিং একাউন্ট খুলিব পাৰিব।

ডাকঘৰত ছেভিং একাউন্টট খোলাৰ পাছত একাউন্টধাৰীয়ে চেকবুক আৰু এটিএম সুবিধাৰ বাবে যোগ্যতা লাভ কৰিব।

বেংকৰ ছেভিং একাউন্টটৰ দৰেই ডাকঘৰত ছেভিং একাউন্টটধাৰীসকলেও ডাকঘৰত ছেভিং একাউন্টটত এগৰাকী নমিনি দিব পাৰিব।

বিভিন্ন প’ষ্ট অ’ফিচ য়ুনিয়নে চৰকাৰৰ এই নতুন নিয়মৰ  বিৰোধিতা কৰিছে। অল ইণ্ডিয়া পোষ্টেল এমপ্লয়েছ য়ুনিয়ন গ্ৰুপ চি ৰ মতে ডাকঘৰত ছেভিং একাউন্টটসমূহৰ বেছিভাগেই গ্ৰাম্যাঞ্চলত আছে আৰু তেওঁলোকে দহগুণ বৃদ্ধি পোৱা এই ডাকঘৰৰ ছেভিংছ একাউন্টৰ ন্যুনতম বেলেন্সৰ সীমা ৰক্ষা কৰিবলৈ সমৰ্থ নহ’বও পাৰে।

এইক্ষেত্ৰত তেওঁলোকে ডাকঘৰৰ ছেভিংছ একাউন্টৰ ন্যূনতম বেলেন্সৰ সীমা ৰক্ষা কৰিব নোৱাৰি একাউন্টসমূহ বন্ধ কৰি দিবলগীয়া হ’ব পাৰে।