NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বন্যহস্তীৰ মৃত্যু

December 20, 2024 9:41 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 20, 2024 9:42 pm

ডিব্ৰুগড়ত হাই ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হৈছে এটা বন্যহস্তীৰ। মধুপুৰ পাৰলিগুৰি গাঁৱত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে,  হাতীটোৱে ১১ হাজাৰ ভল্টৰ লাইন স্পৰ্শ কৰে।

স্থানীয় লোকে জনোৱা মতে, দুবছৰ ধৰি পথাৰৰ ওপৰত বিপজ্জনকভাৱে তললৈ ওলমি আছে উক্ত বিদ্যুৎ পৰিবাহী তাঁৰ।

স্থানীয় ৰাইজে বহুবাৰ বিদ্যুৎ বিভাগত অভিযোগ কৰিছে যদিও একো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই বিপজ্জনক বিদ্যুৎ পৰিবাহী তাঁৰে ৰাইজৰ খেতি-বাতিৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি কৰি আহিছে।

এজন বন বিষয়াই নিশ্চিত কৰে যে হাতীটোৰ এটা জাক অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে হাতীটো বিদ্যুৎস্পৃষ্ট হৈছে। হাতী বিচৰণ কৰা অঞ্চলত কিয় এনে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ সক্ৰিয় হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজে।

জানিব পৰা মতে, ইতিমধ্যে হাতীটোৰ মৰণোত্তৰ কৰি সমাধিস্থ কৰা হৈছে।

Related News