ধনৰ জোৰ ! ৰাজপথত শ্ৰমিকক গাড়ীৰে খুন্দিওৱা সুৰামত্ত যুৱতীয়ে পালে জামিন!

Power of money! Drunk girl who car-rammed labourer on highway gets bail

যোৱা নিশা গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই আজি জামিন লাভ কৰে।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

প্ৰচাৰ হোৱা ভিডিঅ’ত স্পষ্টৰূপত দেখা গৈছে যে ৰাজকন্যা বৰুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক কেৱল কৰ্তব্য সম্পাদনতে বাধা প্ৰদান কৰা নাছিল, তেওঁ কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘটনাস্থলীটো আৰু আৰক্ষী থানাটো দুৰ্ব্যৱহাৰ কৰিছিল, অপমান কৰিছিল। তাৰ ফুটেজ সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছে।

তাৰ পিছতো এই ধাৰাত ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন পালে এই লৈ প্ৰশ্ন উত্থাপন হৈছে।

তদুপৰি সুৰামত্ত হৈ দ্ৰুত গতিৰে গাড়ী চলোৱা মটৰ ভেহিকল এক্টৰ ১৮৫ ধাৰাটো যুৱতীগৰাকীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহ’ল।

আৰক্ষীয়ে সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে ৰাজকন্যাৰ বাবে আইপিচি ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ ধাৰা প্ৰয়োগ কৰা নাই। অথচ ভিডিঅ’ত দেখা গৈছে যুৱতীগৰাকী সুৰামত্ত আছিল আৰু আৰক্ষীয়ে নিজেও সংবাদ মাধ্যমত এই কথা স্বীকাৰ কৰিছে।

এই ধাৰাত কেইটাত গোচৰ ৰুজু কৰি আদালতত এই অপৰাধৰ প্ৰমাণ হ’লে অপৰাধীয়ে জৰিমনা ভৰাৰ উপৰিও ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ বাকী দুটা ধাৰা প্ৰয়োগ কৰিলেও ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ নং ধাৰাত কিয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰিলে বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছে।

তদুপৰি কাৰ্ফিউ ভংগৰ বিৰুদ্ধেও গোচৰ ৰুজু নহ’ল যুৱতীগৰাকীৰ ক্ষেত্ৰত।

অভিযুক্ত যুৱতীগৰাকী ধনৱন্ত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত লোক কেইজন শ্ৰমিক হোৱাৰ বাবেই ৰাজকন্যা বৰুৱাৰ বিপক্ষে আৰক্ষী নৰম হ’ল নেকি !

এই ক্ষেত্ৰত আৰক্ষীৰ ওপৰতো সন্দেহৰ আঙুলি উঠা দেখিবলৈ পোৱা গৈছে। আৰক্ষী তথা তদন্তকাৰী আৰক্ষীয়ে পালন কৰা আপোচকামী ভূমিকাৰ বাবে অভিযুক্তই হাৰি যাব পাৰে বুলি অভিযোগ উত্থাপিত হৈছে।

বিশেষকৈ জৰিমনা বিহীন ৩৫৩ ধাৰাৰ গোচৰটো আদালাতত উঠাৰ পূৰ্বেই আৰক্ষীয়ে ভুৱা বুলি গোচৰটোৰ পৰা উক্ত ধাৰাটো বাতিল কৰিব লাগিব। নহ’লে উক্ত ধাৰাটোত অভিযুক্ত জামিন লাভ কৰাটো সম্ভৱ নহয়।

উল্লেখ্য যে দুৰ্ঘটনাত পতিত দুজন শ্ৰমিকৰ বৰ্তমান অৱস্থা সংকটজনক। দুজন শ্ৰমিকে হেৰুৱাইছে ভৰি। এই শ্ৰমিক কেইজনে আইনৰ পৰা ন্যায় আশা কৰিব পাৰিবনে ? নে শ্ৰমিক হোৱাৰ বাবেই এইসকল লোক বঞ্চিত হ’ব ন্যায়ৰ পৰা ?