পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ পদত্যাগ দাবী বিৰোধী দল পাকিস্তান পিপ’লছ্ পাৰ্টীৰ

Pakistan’s Prime Minister Imran Khan

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তান পিপলছ পাৰ্টি (PPP)ৰ অধ্যক্ষ বিলাৱাল ভুট্টো-জৰ্দাৰীয়ে পদত্যাগ কৰি সংসদ ভংগ কৰিবলৈ দাবী জনাইছে।

ইয়াৰ বাবে ইমৰান খানক ২৪ ঘণ্টাৰ সময়সীমা প্ৰদান কৰিছে জৰ্দাৰীয়ে।

বিলাৱাল ভুট্টো-জৰ্দাৰীয়ে কয় যে সময়সীমাৰ ম্যাদ শেষ হোৱাৰ পিছত ইমৰান খানক অনাস্থা প্ৰস্তাৱৰ জৰিয়তে বহিষ্কাৰ কৰিবলৈ সাজু থাকিব লাগে।

তেওঁ কয় যে ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ চৰকাৰখনক সকলো গণতান্ত্ৰিক উপায়েৰে উৎখাত কৰা হ’ব।

তেওঁ অভিযোগ কৰে যে ইমৰান খানে তেওঁৰ ৰাজনৈতিক বিৰোধীসকললৈ ভয় কৰি বিৰোধীক অকাৰণত আক্ৰমণ কৰি আহিছে।

“পাকিস্তানে চৰকাৰৰ অৰ্থনৈতিক নীতি প্ৰত্যাখ্যান কৰিছে আৰু পাকিস্তান চৰকাৰ আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।”— তেওঁ লগতে কয়।

ভুট্টো-জৰ্দাৰীয়ে অভিযোগ কৰে যে পাকিস্তানৰ সাধাৰণ মানুহ মুদ্ৰাস্ফীতিৰ বোজাত ডুব গৈছে।

তেওঁ কয়, “পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ঋণ বিচাৰিছিল আৰু এতিয়া দেশৰ জনসাধাৰণে খানৰ ভুলৰ কোনো বোজা বহন কৰিবলৈ সাজু নহয়।”

বিদেশী পুঁজিৰ গোচৰত ইমৰান খানে উত্তৰ দিব লাগিব আৰু দোষী সাব্যস্ত হ’লে তেওঁ কাৰাবাসী হ’ব লাগিব বুলি বিৰোধীৰ উদ্ধৃতি দি দ্য নিউজ ইণ্টাৰনেচনেলে এক প্ৰতিবেদন প্ৰকাশ কৰিছে।