নগাঁওৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈয়ে সোমবাৰে এক কৰ্মী সভাত অংশ লৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে ৰাজ্যত “চাৰিজনীয়া মন্ত্ৰীৰ গেঙৰ নিয়ন্ত্ৰণত “চিণ্ডিকেট চৰকাৰ” চলি আছে। সাংসদগৰাকীয়ে মন্ত্ৰীসকলৰ নাম প্ৰকাশ নকৰাকৈ কয় যে ব্যক্তিগত স্বাৰ্থৰ বাবে চৰকাৰৰ ভিতৰত “চিণ্ডিকেট সংস্কৃতি” বঢ়োৱা হৈছে।
ভাষণ প্ৰসংগত বৰদলৈয়ে কয় যে বিজেপি চৰকাৰ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত। এই মন্ত্ৰীসকলে নিজৰ পৰিয়ালৰ অৰ্থনৈতিক বিকাশৰ বাবে ছিণ্ডিকেট চলাইছে।
আসন্ন বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছে মাৰ্ঘেৰিটা সমষ্টিত জোৰদাৰ কৰিছে প্ৰচাৰ অভিযান। বৰদলৈয়ে স্বীকাৰ কৰিছে যে ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ ভাস্কৰ শৰ্মাৰ হাতত পৰাজয় আৰু স্থানীয় নেতৃত্বৰ দুৰ্বলতাৰ ফলত অঞ্চলত কংগ্ৰেছৰ সংগঠন দুর্বল হৈছিল। তদুপৰি, তেওঁ মাৰ্ঘেৰিটাৰ পৰা বহুদিন আঁতৰি থকাৰ ফলত দলৰ সম্ভাৱনা ক্ষতিগ্ৰস্থ হৈছিল বুলি স্বীকাৰ কৰিছে।
মিত্ৰতাৰ সন্দৰ্ভত সাংসদগৰাকীয়ে স্পষ্ট কৰি কয় যে এতিয়ালৈকে ৰাইজৰ দলৰ সৈতে কোনো আলোচনা হোৱা নাই। কিন্তু বিজেপিৰ মতাদৰ্শৰ বিৰোধিতা কৰা ৰাইজৰ দল, এজেপি আৰু অন্যান্য আঞ্চলিক দলৰ সৈতে একেলগে যুঁজিবলৈ কংগ্ৰেছ আগ্ৰহী বুলি তেওঁ প্ৰকাশ কৰিছে। ইফালে, কংগ্ৰেছৰ সম্ভাৱনা জোৰদাৰ কৰি সোমবাৰে মাৰ্ঘেৰিটাত আসম গণ পৰিষদ আৰু বিজেপিৰ প্ৰায় ৩০০ জন সদস্যই দলটোত যোগদান কৰিছে।