এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা সকলক সমালোচনা প্ৰফুল্ল কুমাৰ মহন্তৰ

Who to vote this loksabha election? Former Assam CM Mahanta clarifies his stance

প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো।

‘‘দেশৰ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা বাহিনীয়ে অতি শক্তিশালী আৰু বলিষ্ঠ ভাবে দেশৰ নিৰাপত্তাৰ দিশটো তদাৰক কৰিছে। ভাৰত চৰকাৰেও সেনা বাহিনীক মুকলিকৈ সিদ্ধান্ত ল’বৰ বাবে ক্ষমতা দি থৈছে। এনে ক্ষেত্ৰত বায়ু সেনা বাহিনীয়ে পাকিস্তানক কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা কথাটো ভাৰতীয় গণতন্ত্ৰত সাৰ্বভৌমত্তৰ প্ৰতি ভাবুকি স্বৰুপ।’’ এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

সোমবাৰে মহা শিৱৰাত্ৰি উপলক্ষে মন্দিৰত পূজা আগবঢ়াই প্ৰফুল্ল মহন্তই সাংবাদিকৰ আগত কয় যে, এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ দিয়াৰ কথা নাহে, সমগ্ৰ পৃথিৱীয়ে প্ৰমাণ পাইছে। পাকিস্তানৰ ওপৰত সমগ্ৰ ঘটনাৰ পাছত যেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় হেঁচা পৰিছে সেয়া সকলোৱে লক্ষ্য কৰিছে এনেক্ষেত্ৰত যদি দেশৰ ভিতৰৰ মানুহে প্ৰশ্ন কৰে তেনেহ’লে ভাৰতীয় সাৰ্বভৌমত্তৰ বাবে এয়া ভাবুকি।

আনহাতে, বায়ু সেনা বাহিনীৰ কথা উল্লেখ কৰি মহন্তই কয় যে বায়ু সেনা বাহিনীয়ে প্ৰমাণ দিয়াৰ কোনো যুক্তি নাই, বিৰোধীয়ে সংসদত প্ৰশ্ন কৰিব পাৰে, সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ দায়িত্ব চৰকাৰৰ। যুদ্ধৰ কৌশল সমূহ মুকলিকৈ বাখ্যা কৰা নহয় বুলি এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা লোকসকলক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।