NORTHEAST NOW (Assamese)

অশ্লীল ভিডিঅ’ৰ গোচৰত গ্ৰেপ্তাৰ দুজন বিজেপি নেতা, ভিডিঅ’ ফাদিল কৰাৰ অভিযোগ

May 13, 2024 2:02 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি তথা নিলম্বিত জনতা দল চেকুলাৰৰ সাংসদ প্ৰজ্বল ৰেভান্নাৰ ‘যৌন নিৰ্যাতন’ৰ ভিডিঅ’ৰ সৈতে জড়িত গোচৰটোত আৰু দুজন বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তেওঁলোকক জিম্মাত লয়। অভিযোগ অনুসৰি তেওঁলোকে এই অশ্লীল ভিডিঅ’সমূহ ফাদিল কৰি প্ৰচাৰ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি চেতন আৰু লিকিত গৌড়া নামৰ বিজেপি নেতা দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী বিষয়াই য়েলগুণ্ডাৰ পৰা চেতনক আৰু শ্ৰৱণবেলাগোলা অঞ্চলৰ পৰা লিকিটক গ্ৰেপ্তাৰ কৰে। চিকিৎসা পৰীক্ষাৰ অন্তত দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হয়। ন্যায়াধীশে তেওঁলোকক আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিলে।

ইয়াৰ পূৰ্বে এই গোচৰত কৰ্ণাটক বিজেপি নেতা দেৱৰাজ গৌড়াক গ্ৰেপ্তাৰ কৰিছিল এছ আই টিয়ে। এপ্ৰিলৰ শেষৰ ফালে কৰ্ণাটকৰ হাছান জিলাৰ বিজেপি নেতা দেৱৰাজে প্ৰজ্বলৰ যৌন নিৰ্যাতনৰ ১৩০০ ভিডিঅ’ থকা পেন ড্ৰাইভ ৰাজহুৱা কৰিছিল। তেওঁ অভিযোগ কৰে যে বিগত পাঁচ বছৰ ধৰি হাছানৰ সাংসদ প্ৰজ্বলে হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। যৌন নিৰ্যাতনৰ অভিযোগত সেই বিজেপি নেতাক গ্ৰেপ্তাৰ কৰে এছ আই টিয়ে।

দেৱৰাজে অভিযোগ কৰে যে প্ৰজ্বলক তেওঁৰ পিতৃ আৰু দেৱগৌড়াৰ পুত্ৰ এইচ ডি ৰেভান্নায়ো সমৰ্থন কৰিছিল। ইতিমধ্যে কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে এইচ ডি কেক গ্ৰেপ্তাৰ কৰিছে। পুত্ৰৰ যৌন নিৰ্যাতনত সহযোগিতা আৰু মহিলা অপহৰণৰ অভিযোগ উত্থাপন হৈছে। এইচ ডি ৰেভানাক গ্ৰেপ্তাৰ কৰা হৈছে যদিও প্ৰজ্বল এতিয়াও পলাতক। তেওঁ বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী জাৰি কৰা হৈছে।

Related News