কেইবাহাজাৰো যুৱতী-মহিলাক যৌন নিৰ্যাতন চলাই অৱশেষত জেলৰ স্থায়ী আলহী হ’ল কৰ্ণাটকৰ সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্না। ধৰা পৰাৰ আগলৈকে বিলাসী জীৱন যাপন কৰিছিল প্ৰজ্জ্বল ৰেভান্নাই। প্ৰায় প্ৰতি সাজতেই খাইছিল মাছ-মাংস তথা বিলাসী খাদ্য। এচি ৰুমত বহিছিল, ঘূৰিছিল বিলাসী গাড়ীত। নিতৌ উপভোগ কৰিছিল নতুন নতুন সুন্দৰী।
পিছে এতিয়া নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হৈ কাৰাগাৰৰ অন্ধ কুঠৰীত পৰি আছে এই গৰাকী ৰাজপুত্ৰ। এতিয়াৰ পৰা ৰেভান্নাৰ পৰিচয় হৈছে কয়দী নম্বৰ ১৫৫২৮।
ধৰ্ষণৰ বাবে প্ৰজ্জ্বল ৰেভান্নাক দিয়া হৈছে সশ্ৰম কাৰাদণ্ড। তেওঁ এতিয়া কাৰাগাৰত কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি যিকোনো কাম কৰিবলৈ বাধ্য। দেওবাৰৰ বাহিৰে সপ্তাহত ৬ টা দিনেই কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই। যাৰ বাবে দিনটোত ৫৪০ টকাতকৈ এটাকাও মজুৰী লাভ নকৰে তেওঁ।
অৱশ্যে জেলৰ সূত্ৰই জনোৱা মতে, প্ৰজ্জ্বলক এতিয়াও কোনো নিৰ্দিষ্ট কাম দিয়া হোৱা নাই। কিন্তু সাধাৰণতে নতুন বন্দীসকলক এনে কাম দিয়া হয় যাৰ বাবে দক্ষতাৰ প্ৰয়োজন নহয়। যেনে ৰুটি বনোৱা বা চিলাই কৰা আদি। এবছৰৰ পাছত তেওঁলোকৰ অৰ্হতা অনুযায়ী কামৰ ব্যৱস্থা কৰা হয়।
প্ৰতি সোমবাৰে দোষীক কাম বিতৰণ কৰা হয়। কাৰাগাৰৰ নিয়ম অনুসৰি কঠোৰ পৰিশ্ৰমৰ শাস্তি পোৱা সকলোৱে বাধ্যতামূলক কাম কৰিব লাগিব। স্বাস্থ্যজনিত কাৰণ নাথাকিলে কয়দীৰ কাম পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হয়।
তাৰ পিছত তেওঁলোকৰ প্ৰাতঃকৰ্ম সম্পূৰ্ণ কৰাৰ পিছত ব্ৰেকফাষ্ট দিয়া হয়। দেওবাৰে নিৰামিষ পুলাও, সোমবাৰে টমেটো চাউল, মঙলবাৰে চিত্ৰন্না, বুধবাৰে পোহা, বৃহস্পতিবাৰে পুলিওগৰ, শুকুৰবাৰে উপমা, শনিবাৰে আৰু ভাংগী চাউল খাবলৈ দিয়া হয়। দুপৰীয়া আৰু ৰাতিৰ আহাৰত ৰুটি বা চাপতি, ৰাগী বল, সাম্বাৰ, বগা চাউল আৰু মাখন দিয়া হয়। নিৰামিষ খাদ্যৰ ভিতৰত মঙলবাৰে কণীও অন্তৰ্ভুক্ত। মাহৰ প্ৰথম আৰু তৃতীয় শুকুৰবাৰে ছাগলীৰ মাংস। দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে কুকুৰা মাংস দিয়া হয়।
দুপৰীয়াৰ আহাৰ পুৱা ১১:৩০ বজাৰ পৰা ১২:৩০ বজাৰ ভিতৰত আৰু ৰাতিৰ আহাৰ ৭:৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত দিয়া হয়। কামৰ অন্তত সন্ধিয়া ৬:৩০ বজাত পুনৰ বেৰেকলৈ যাব লগা হয় কয়দীসকল।
জানিব পৰা মতে, ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা আন আন কয়দী সকলৰ দৰেই প্ৰজ্জ্বল ৰেভান্নাইও সপ্তাহত দুটাকৈ ফোন কৰিব পাৰিব। প্ৰতিবাৰেই তেওঁ কথা পাতিবলৈ ১০ মিনিট সময় পাব। সপ্তাহত এবাৰ পৰিয়ালক লগ পোৱাৰ সুযোগ পাব। যদিও প্ৰজ্জলক এতিয়াও কাম দিয়া হোৱা নাই, তথাপিও সূত্ৰৰ পৰা জানিব পৰা মতে কৰ্ণাটকত কঠোৰ কাৰাদণ্ডৰ শাস্তি পোৱা প্ৰায় ১৫০০ দোষীয়ে লাভ কৰা নাই তেওঁলোকৰ মজুৰি, যাৰ পৰিমাণ প্ৰায় ৩ কোটি টকা।