জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজে ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ‘অপাৰেচন সিন্দূৰ’ক লৈ কৰা ব্যংগাত্মক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ এটা কাৰ্টুন শ্বেয়াৰ কৰি ৰক্তদান শিবিৰক ‘সিন্দূৰ দান শিবিৰ’ বুলি উপহাস কৰি লিখিছে, “মোৰ শিৰাত কেৱল নিৰ্বাচনহে চলি আছে।”
অভিনেতাজনে “তেজ”ৰ সলনি “নিৰ্বাচন” শব্দটো ব্যৱহাৰ কৰি পেহেলগাম কাণ্ডৰ পৰা আৰম্ভ কৰি অপাৰেচন সিন্দুৰলৈকে তেওঁ সকলোতে ৰাজনৈতিক স্বাৰ্থ জড়িত থকৰ সম্ভাৱনা ব্যক্ত কৰিছে।
প্ৰকাশ ৰাজৰ এই পোষ্টটোৰ প্ৰিতিক্ৰিয়া প্ৰকাশ কৰি ৰূপালী গংগোপাধ্যায়ে লিখিছে, “প্ৰকাশজী ইমান তললৈ ডুব গৈছে। ২০১৯ চনত পোৱা ভোটতকৈও কম ডুব গৈছে। সম্প্ৰতি দুয়োটা পোষ্ট ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। নেটিজেনৰ এটা অংশই প্ৰকাশ ৰাজৰ বক্তব্য যুক্তিসংগত বুলি বিবেচনা কৰে। আন একাংশই ৰূপালীৰ এই বক্তব্যক সমৰ্থন কৰে।
পালী গংগোপাধ্যায়ে ইয়াৰ আগতেই পাহেলগাঁও কাণ্ডৰ ক্ষেত্ৰতো তীব্ৰ প্রতিক্ৰিয়া প্ৰকাশ কৰিছিল। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ধৰা পৰা জ্যোতি মালহোত্ৰাক লৈ তেওঁ কয় “এইবোৰ লোকে বুজি নাপায় যে পাকিস্তানৰ প্ৰতি তেওঁলোকৰ প্ৰেম কেতিয়া ভাৰতৰ প্ৰতি ঘৃণালৈ পৰিণত হ’ব। শান্তিৰ কথা কৈ আৰম্ভ কৰে, কিন্তু অন্ততঃদেশদ্ৰোহী হ’ব পাৰে। এনে কোনোবাকো ৰেহাই দিব নালাগে।”এই সমগ্ৰ ঘটনাই প্ৰকাশ ৰাজ আৰু ৰূপালী গংগোপাধ্যায়ৰ বিপৰীত ৰাজনৈতিক দৃষ্টিভংগী আৰু ব্যক্তিত্বৰ সংঘৰ্ষক পুনৰ উত্তাল কৰি তুলিছে।