ঘৰ মাটি বিক্ৰী কৰি আলফা(স্বাধীনক) ধন দিবলৈ প্ৰস্তুত প্ৰণৱ কুমাৰ গগৈৰ পৰিয়াল

ঘৰ মাটি বিক্ৰী কৰি আলফা (স্বাধীনক) ধন দিবলৈ প্ৰস্তুত প্ৰণৱ কুমাৰ গগৈৰ পৰিয়াল।

বিদেশী কোম্পানী আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই ঘৰৰ মাটিবাৰী বিক্ৰী কৰি আলফা (স্বাধীনক) ধন দিবলৈ সাজু হৈছে প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালটোৱে।

পুত্ৰ, স্বামী তথা পিতৃক উভটাই আনিবলৈ ঘৰৰ সকলো বিক্ৰী কৰিবলৈ সাজু হৈছে দূৰ্ভগীয়া পৰিয়ালটোৱে।

শুকুৰবাৰে এক বিবৃতি যোগে আলফা (স্বাধীনে) অহা সপ্তাহত পৰ্য্যয় ক্ৰমে কুইপ’ৰ দুই বিষয়াক চৰম শাস্তি বিহিব বুলি উল্লেখ কৰাৰ পাছতে ক্ৰমাৎ অস্থিৰ হৈ পৰিছে অপহৃত প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালটো।

আলফা (স্বাধীনৰ) এই ঘোষণাৰ পিছতেই শোকত ভাগি পৰিছে প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালটোৱে প্ৰয়োজনত ঘৰ মাটি সকলো বিক্ৰী কৰি পথৰ ভিক্ষাৰী হৈ থাকিবলৈ প্ৰস্তুত হৈছে বুলি উল্লেখ কৰে দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্য সকলে।

প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে তেওঁৰ স্বামীক জীৱন্তে ঘুৰাই দিবলৈ আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ কৰে।

সততে জাতি-মাটি-ভেটি আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু বিদেশী কোম্পানী কুইপ’ৰ ওপৰত আস্থা হেৰুৱাই এনেদৰে আলফা(স্বাধীন) লৈ কাতৰ অনুৰোধ কৰে দূৰ্ভগীয়া পৰিয়ালটোৱে।