NORTHEAST NOW (Assamese)

নিৰ্বাচনী বণ্ডত ১৬ লাখ কোটিৰ দুৰ্নীতি! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ বিশিষ্ট আইনজীৱীৰ

April 21, 2024 10:58 am · এন ই নাও নিউজ, নতুন দিল্লী

অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলৰ দ্বাৰা নিৰ্বাচনী বণ্ড কেলেংকাৰীৰ তদন্ত কৰা হওক। এই দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে। তথাকথিত বণ্ড ‘দুৰ্নীতি’ উদঙাই দি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ অধিবক্তা আছিল প্ৰশান্ত।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দাবী কৰে যে নিৰ্বাচনী বণ্ডত দেখা পোৱাতকৈ আৰু বহু বেছি কেলেংকাৰী হৈছে।

জ্যেষ্ঠ অধিবক্তাগৰাকীৰ মতে, “দুৰ্নীতি প্ৰতিৰোধ আইন অনুসৰি চৰকাৰী কাৰ্যালয়ত ৰখা ফাইল পাছ কৰিবলৈ চৰকাৰী বিষয়াক যদি ধন দিয়া হয়, তেন্তে ইয়াক উৎকোচ হিচাপে গণ্য কৰা হয়। এই নিৰ্বাচনী বণ্ড কেলেংকাৰিৰ আঁৰতো কোন কোন চৰকাৰী বিষয়া বা ব্যক্তিগত সংস্থাৰ কোন শীৰ্ষ পদবীধাৰী জড়িত আছে সেইটো আমি বিচাৰি উলিয়াব লাগিব। এই কেলেংকাৰীৰ সৈতে কোনো এজেঞ্চি জড়িত আছে নেকি তাৰো তদন্ত কৰিব লাগে।”

লগতে পঢ়কঃ শাৰীৰিক অসুস্থতাৰ বাবে প্ৰচাৰৰ পৰাও বিৰত আছিল; নিৰ্বাচনৰ পিছদিনাই মৃত্যু বিজেপি প্ৰাৰ্থীৰ!

বিশিষ্ট আইনজীৱী প্ৰশান্ত ভূষনে কয় যে কিছুদিন পূৰ্বে তেওঁ বণ্ড কেলেংকাৰিৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। তেওঁৰ মতে, সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিব লাগে। আৰু সেই বিশেষ তদন্তকাৰী দলটোৰ নেতৃত্ব দিব লাগে উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে।

প্ৰশান্ত ভূষণৰ দাবী যে আপাত দৃষ্টিত এই কেলেংকাৰী ১৬ হাজাৰ ৫০০ কোটি টকা যেন লাগে কিন্তু আচলতে ই ১৬ লাখ কোটি টকাৰ দুৰ্নীতি। বণ্ডৰ জৰিয়তে প্ৰদান কৰা প্ৰতি হাজাৰ কোটি টকাৰ বিপৰীতে কোম্পানীসমূহে চৰকাৰৰ পৰা ইয়াৰ ১০০ গুণ সুবিধা লৈছে।

মেঘা ইঞ্জিনিয়াৰিঙৰ উদাহৰণ দি প্ৰশান্ত ভূষণে দাবী কৰে যে কোম্পানীটোৱে বণ্ডৰ জৰিয়তে বিজেপিক ১৪০ কোটি টকা দিছিল। ইয়াৰ বিপৰীতে চৰকাৰে সেই সংস্থাটোক ১৪ হাজাৰ কোটি টকাৰ আৱন্টন দিছে। সেই হিচাপে সমগ্ৰ কেলেংকাৰিটো ১৬ লাখ কোটি টকাৰ।

লগতে পঢ়কঃ মণিপুৰৰ ১১টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ; দাবী উত্থাপন কৰিছিল কংগ্ৰেছে

তেওঁ  লগতে কয় যে কেৱল এয়াই নহয়, বণ্ডৰ জৰিয়তে অনুদান নিদিলে ইডি-চিবিআইয়ে হয়তো বহু সংগঠনৰ পৰা বহু ধন জব্দ কৰিলেহেঁতেন, বা দুৰ্নীতিৰ কথা উদঙাই দিলেহেঁতেন। সেইবোৰো তদন্তৰ মাজলৈ আনিব লাগে।

Related News