মন্ত্ৰী কেশৱ মহন্তৰ ভেটি কঁপাই মনোনয়ন দাখিল কৰিলে শিক্ষাবিদ প্ৰশান্ত কুমাৰ শইকীয়াই

a man

মন্ত্ৰী কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা কৰা কলিয়াবৰ সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী তথা শিক্ষাবিদ প্ৰশান্ত কুমাৰ শইকীয়াই।

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক লগত লৈ কেইবা সহস্ৰাধিক সমৰ্থকৰে পদব্ৰজে বৃহৎ শোভাযাত্ৰাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থীজনে।

আগন্তুক সময়ছোৱাত কলিয়াবৰৰ সামগ্ৰীক উন্নয়ন আগত ৰাখি নিৰ্বাচনী যাত্ৰা সফল হ’ব বুলি আত্মবিশ্বাসী প্ৰাৰ্থীজন।

কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা স্বতঃস্ফুৰ্তভাবে ওলাই অহা জনতাই তাকে প্ৰতীয়মান কৰিছে বুলি মন্তব‍্য কৰে প্ৰাৰ্থীগৰাকীয়ে।

গৌৰৱ গগৈয়েও সমৰ্থক ৰাইজৰ উৎসাহত যথেষ্ট আশাবাদী বুলি মন্তব‍্য কৰাৰ লগতে বিজেপিৰ নেতৃত্বত গঠিত বৰ্তমানৰ  চৰকাৰখনৰ অপশাসনৰ ৰাইজে এইবাৰ উচিত প্ৰত‍্যুত্তৰ দিব বুলি দৃঢ়তাৰে কয়।

শিক্ষাবিদ প্ৰশান্ত কুমাৰ শইকীয়াৰ গণ ভিত্তিলৈ চাই এইবাৰ কলিয়াবৰত কেশৱ মহন্তই  তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।