দিব্যাংগক প্ৰহাৰ আৰক্ষীৰ! এডিচিপি অমিতাভ বসুমতাৰীক নিলম্বনৰ দাবী, কেন্দ্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব প্ৰতিবন্ধীসকল

Prati

আৰক্ষীৰ নিৰ্মম প্ৰহাৰত আহত দুজন প্ৰতিবন্ধী।

কালি দিচপুৰ লাষ্টগেইটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছিল যদিও আৰক্ষীয়ে মানৱ অধিকাৰ ভংগ কৰি বৰ্বৰভাৱে দিব্যাংগসকলক লাঠীচালনা কৰি হাত ভঙাৰ লগতে কেইগৰাকীমান প্ৰতিবাদকাৰীৰ মূৰো ফালে।

লগতে শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি পংগু লোকৰো ভৰিত আৰক্ষীয়ে কোবোৱাৰ অভিযোগ তোলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

সেয়েহে অতি সোনকালে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম কেন্দ্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপি বৰ্বৰভাৱে আক্ৰমণ চলোৱা আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰিব বুলি জানিব পৰা গৈছে।

আনহাতে, অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে কালি আৰক্ষী বাহিনীয়ে বৰ্বৰভাৱে প্ৰতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল বুলি মলাকাৰে অভিযোগ কৰে।

তেওঁ লগতে আৰক্ষী উপ আয়ুক্তগৰাকীক নিলম্বনৰ দাবী তুলি কয়, “৮ অক্তোবৰৰ ভিতৰত অৰ্থ্যাৎ মুখ্য সচিবৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে অমিতাভ চৌধুৰীক নিলম্বিত কৰিব লাগে।”

ইয়াৰোপৰি তেওঁ কয়, “অন্যথা বুজিবলৈ বাকী নাথাকিব গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অৰ্থ্যাৎ তেওঁৰ নিৰ্দেশতে দিব্যাংগক মাৰি পেলোৱাৰ ষড়যন্ত্ৰ চলিছে।”

তাৎপৰ্য্যপূৰ্ণ কথা যে, নিশা ৯:৩০ বজালৈকে আঘাতপ্ৰাপ্ত  প্ৰতিবাদকাৰীসকলক কাহিলাপাৰাস্থিত এ পি বি এনৰ চৌহদত বিনা চিকিৎসাৰে ৰখাই থোৱা বুলি অভিযোগ তুলি মালাকাৰে লগতে জনায়, “ৰঞ্জিত ছেত্ৰী নামৰ অন্ধ লোকজনৰ ৰক্তক্ষৰণ বেছি হৈ থকাত তেওঁক বুদ্ধি কৰি যেনে-তেনে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিলো।”

মন কৰিব লগীয়া যে আৰক্ষীৰ লাঠীচালনাত অসমৰ প্ৰতিবন্ধীৰ একমাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে থুঁতৰি আৰু হাতত বেয়াকৈ আঘাত পোৱাৰ লগতে বিকাশ পেগু, সঞ্জয় সিনহা, হিমাংশু নাথকে ধৰি আন বহুকেইগৰাকী প্ৰতিবন্ধী লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

উল্লেখযোগ্য যে অসম চৰকাৰৰ ৫৪টা বিভাগত খালী থকা প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪৪১৯টা পদত নিযুক্তি দিবৰ বাবে তথা দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত অসমৰ ৪.৫ লাখ প্ৰতিবন্ধীক ৫০০০ টকা প্ৰাপ্য সাহায্যৰ দাবীত কালি দিচপুৰ লাষ্টগেইটত প্ৰতিবাদ কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

আনহাতে, চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ প্ৰতাৰণাৰ বলি হৈ অহা তথা আলোচনাৰ নামত মাতি নি ভেঁকো-ভাওনা কৰা তথা মিছা প্ৰতিশ্ৰুতি দিয়া সংশ্লিষ্ট বিভাগৰ সৈতে পুনৰবাৰ অহা ৮ অক্টোবৰত আলোচনাত মিলিত হ’ব প্ৰতিবন্ধীসকল।

তদুপৰি ইয়াৰ পাছতো যদি চৰকাৰে তেওঁলোকৰ দাবীসমূহত গুৰুত্ব আৰোপ নকৰে তেন্তে প্ৰতিবন্ধীসকলে অধিক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে।