প্ৰতিবাদৰ পিছত আৰক্ষীয়ে ফোনযোগে বিভিন্ন জিলাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যক হাৰাশাস্তি কৰাৰ অভিযোগ

প্ৰতিবন্ধী সকলৰ নিযুক্তি কৰণ, পেঞ্চন বৃদ্ধি আদিকে ধৰি বিভিন্ন ধৰণৰ সংবিধানিক প্ৰাপ্য অধিকাৰৰ দাবীত ২৩আগষ্টত দিঘলীপুখুৰীৰ পাৰত প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ দিনৰ ১১-৩০বজাৰ পৰা অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত সেও মানি প্ৰতিবাদস্হলীত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালকে অহা ২৭ আগষ্টৰ ভিতৰত সংস্থা আৰু চৰকাৰৰ মাজত আলোচনা কৰোৱাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত কাৰ্যসূচীৰ সামৰণি পৰিছিল৷

প্ৰতিবাদৰ শেষত বিভিন্ন জিলাৰ পৰা অহা সদস্যসকল ঘৰলৈ যায় যদিও আশ্চৰ্য্যজনক ভাৱে আজি পুৱাৰে পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অধীনৰ গৃহ বিভাগৰ আৰক্ষীয়ে কেইবাখনো জিলাৰ সদস্যক ফোনযোগে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জিলা সমুহৰ নেতা কৰ্মী সকলক একাধিকবাৰ টেলিফোনৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰি সংস্থাৰ কৰ্মী সকলৰ তথ্য বিচাৰি মানষিক নিৰ্যাতন কৰা বুলি অভিযোগ আনিছে সংগঠনটোৰ সম্পাদক নৃপেন মালাকাৰে৷

মালাকাৰে লগতে কয় সংগঠনটোৰ নেতা কৰ্মীতো বাদেই আগদিনা কৰি যোৱা প্ৰতিবাদটোৰ বাবে তেওঁকো আৰক্ষীয়ে ফোন কৰি প্ৰতিবাদতো কিহৰ বাবে কত, কিয়, কোনো জিলাৰ পৰা কিমান মানুহ আহিছিল আদি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিছে৷

প্ৰতিবন্ধী সকলক বিভিন্ন প্ৰশ্নেৰে মানসিক নিৰ্যাতন চলোৱা পুলিচ প্ৰশাসনৰ দমনমূলক কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দি সংস্থাৰ সম্পাদক নৃপেন মালাকৰে কয় যে চৰকাৰৰ দমনমূলক নীতিৰে কোনো ধৰণৰ সমস্যাৰ স্থায়ী সমাধান নহয়৷ কিয়নো সম্পূৰ্ণ সাংবিধানিক আৰু গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতো যোৱা ২০১৮ চনৰ পাঁচ অক্টোবৰৰ দিনা দিছপুৰ লাষ্টগেটত নিৰীহ প্ৰতিবন্ধী সকলৰ ওপৰত অমানুষিকভাৱে শাৰিৰীক অত্যাচাৰ চলোৱা গৃহবিভাগে এইবাৰ কাৰ নিৰ্দেশত প্ৰতিবন্ধী সকলৰ ওপৰত মানষিক হাৰাশাস্তি আৰম্ভ কৰিছে এই বিষয়ত মুখ্যমন্ত্ৰীৰ দ্বাৰাই উচিত তদন্তৰ দাবী জনাইছে ৷