টকিঅ’ অলিম্পিকত সোণৰ পদকহে আমাৰ লক্ষ্য , তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰক : মুখ্যমন্ত্ৰী
সোণৰ পদকহে আমাৰ লক্ষ্য,সেয়ে লাভলীনাই যাতে সোণৰ পদক জয় কৰিব পাৰে তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰক ।
টকিঅ’ অলিম্পিকত লাভলীনাই সাফল্য অৰ্জনৰ প্ৰসংগত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়।
আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিখিল বড়ো ছাত্র সন্থা(এবছু) এ প্ৰতি বছৰে আজিৰ দিনটোত পালন কৰি আহিছে সন্ত্ৰাসবাদ বিৰোধী দিৱস ।
এবছুৰ সভাপতি স্বৌমলা বসুমতাৰীক ১৯৯৬ চনৰ আজিৰ দিনটোতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল।
আজি ২৫ তম সন্ত্ৰাস বিৰোধী দিৱস চিৰাং জিলাৰ গয়বাৰীত কেন্দ্ৰীয় ভাৱে উদযাপন কৰিছে সন্ত্ৰাস বিৰোধী দিৱস।
মুখ্য মন্ত্ৰীয়ে চিৰাঙৰ গয়বাৰীস্থিত প্ৰয়াত স্বৌমলা বসুমতাৰীৰ সমাধিথলীত শ্ৰদ্ধা নিবেদন জনায়।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বি টি আৰ চুক্তিৰ জড়িয়তে বডোলেণ্ডত স্থায়ী শান্তি ঘূৰি আহিছে ।