নৱবৰ্ষ উপলক্ষ্যে নিগমঘোলা,টিলাপাৰা আৰু কাক্ৰিঘোলাত প্ৰাৰ্থনা সভাৰ লগতে গীত-মাতৰ অনুষ্ঠান

দেশৰ আন আন ঠাইৰ লগতে পশ্চিম অসমৰ ধুবুৰী , বঙাইগাঁও আদিকে ধৰি মহামায়া , বিলাসীপাৰা , বাঘ্পাৰা , কাক্ৰিঘোলা , টিলাপাৰা আদি ঠাইৰ বিভিন্ন মন্দিৰ , উপাসনা গৃহ , গীৰ্জা আদিত পুৱাৰে পৰা পূজা অৰ্চনা , প্ৰাৰ্থনা সভা অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰি নতুন বছৰৰ মঙ্গল কামনা কৰি ইজনে- সিজনক অভিনন্দন জনাই শুভ কামনা জ্ঞাপন কৰে ।

এই নতুন বছৰৰ উপলক্ষ্যে ইতিহাসপ্ৰসিদ্ধ মহামাযা মন্দিৰত অসংখ্য ভক্তৰ সমাগম হয়। ইপিনে ২৭ নং বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত নায়েকগাওঁৰ ওচৰত কাক্ৰিঘোলা আৰু টিলাপাৰাত অৱস্থিত গীৰ্জাত অনুষ্ঠিত প্ৰাৰ্থনা সভা শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

এই অনুষ্ঠানত আচিক বেপ্টিষ্ট কনভেনশ্যন বাঘপাৰা ৰেভাৰেণ্ডৰ প্ৰধান সচিব কিলনা মাৰাকে মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰি প্ৰভু যীশুৰ বাণী আৰু তত্ত্ব গধুৰ ধৰ্মীয় বক্তব্য প্ৰদান কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

ইপিনে কাক্ৰিঘোলা আৰু টিলাপাৰা বেপ্তিষ্ট চাৰ্চৰ পাষ্টৰ ক্ৰমে উইলবাৰ্ট চাংমা আৰু কড়ল চাংমা উপস্থিত থাকি ধৰ্মীয় বক্তব্য প্ৰদান কৰে ।

এই অনুষ্ঠানৰ লগতে বঙাইগাঁও জিলাৰ অন্তৰ্গত খগৰপুৰৰ সমীপত চাৰিওপিনে পাহাৰৰ সেউজীয়া বাতাবৰণ তথা নৈসৰ্গিক শোভাৰে সুশোভিত ” বাঘপাৰা নামে গাওঁত অবস্থিত গীৰ্জা ঘৰত নতুন বছৰ উপলক্ষে একলগে প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলা , শিশু , বৃদ্ধ বৃদ্ধা সকলোৱে সমবেত হৈ ঈশ্বৰক স্মৰণ কৰি প্ৰাৰ্থনা কৰে ।

আৰু দেশৰ তথা সকলোৰে মঙ্গল কামনা কৰে। আৰু সকলোৱে একেলগে নৃত গীতৰ সুন্দৰ পৰিৱেশ সৃষ্টি কৰি আনন্দত আত্মহাৰা হৈ পৰে।

এই বাঘপাৰা – নিগম চাৰ্চত পাষ্টোৰ দুলাল চাংমা , জেনেৰেল চেক্ৰেটেৰী কিলনা মাৰাক , বাঘঁপাৰা আঁচিক বেপ্তিষ্টৰ সভাপতি নিৰঞ্জন মাৰাক , ডেকন বঙ্কিম চাংমা ,  অশোক কুমাৰ চাংমা আদিকে ধৰি বহু বিশিষ্ট নাগৰিক উপস্থিত হৈ নানা দিহা- পৰামৰ্শ প্ৰদান কৰে।

পিছত সমবেত সকলো পুৰুষ মহিলা তথা যুৱক যুৱতী সকলে অতিকৈ সুন্দৰ পৰিবেশৰ মাজত ঢোলে দগৰে নৃত্য, গীত- মাত পৰিবেশন কৰে।