জাতিঙ্গাত তিনিখনকৈ এম্বুলেন্স আৱদ্ধ, কানসাৰ নাই কৰ্তৃপক্ষৰ! খোজকাঢ়িবলগীয়া হ’ল অন্ত:সত্ত্বা মহিলাই

IMG20210609162737

ফটো: নৰ্থইষ্ট নাও।

পাৰ্বত্য ডিমা হাছাওত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক আৰু কিমান দিন লাগিব? সংস্থাটোৰ সঠিক পৰিকল্পনাৰ অভাৱত সংকটত পৰিছে পাহাৰীয়া ৰাইজ।

সংস্থটোৰ বিষয়াসকলৰ ব্যৰ্থতা বাবে প্ৰতি মুহূৰ্ততে ইয়াৰ ফল ভুগিছে সাধাৰণ ৰাইজে। যাৰ বাবে কালি ইয়াৰ পৰা ১২ কিলোমিটাৰ নিলগত ঘন্টাৰ পাছত ঘন্টা ক’ভিড ৰোগী তথা অন্ত:সত্ত্বা মহিলাক হাস্পতাললৈ কঢ়িয়াই নিয়া এম্বুলেন্স ৰৈ থাকিব লগা হ’ল।

উল্লেখ্য, ইষ্ট ৱেষ্ট কৰিড’ৰ এনএইচ-২৭ৰ হাফলঙৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ জাতিঙ্গাৰ এন লেইকুল গাঁওৰ ওচৰত তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ বাবে এখন লৰী আৱদ্ধ হৈ যানজঁটৰ সৃষ্টি কৰে। যাৰ বাবে হাফলং অভিমুখে যোৱা তিনিখনকৈ এম্বুলেন্স ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব লগা হয়।

পাছত আৱদ্ধ হোৱা লৰীৰ চালকৰ উপৰি উপস্থিত গাড়ীচালক সকলে স্থানীয় ৰাইজৰ লগত কথা পাতি এখন প’কলেন মেচিন মাতি আনি লৰীখন টানি উঠাই দিয়াৰ পাছত পথটো সূচল হয়।

কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়টো হ’ল যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ বা জিলা দুৰ্যোগ মোকাবিলা ব্যবস্থাপনা বিভাগ থকাৰ পাছতো ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব লগা হয় ক’ভিড ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্স বা ১০৮ পৰিসেৱাৰ বাহন।

ইয়াৰ বাবে খোজকাঢ়ি যোৱাত অক্ষম এগৰাকী অন্ত:সত্ত্বা মহিলাই খোজকাঢ়িব লগা হৈছিল। এই ঘটনাত ৰাইজৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা এক দশক ধৰি মাইবাঙৰ ইনৰিমবাংলোৰ পৰা জাতিঙ্গালৈ ২৪ কিলোমিটাৰ ঘাইপথ নিৰ্মাণৰ কাম চলি আছে যদিও কিন্তু আজিলৈকে পথ নিৰ্মাণ হৈ উঠা নাই। বৰ্তমানে এই পথ নিৰ্মাণৰ দায়িত্বত আছে ৰত্না ইনফ্ৰা নামৰ বহিৰাগত ঠিকাদাৰী গোষ্ঠী। কিন্তু বাস্তৱত পথৰ উন্নয়ন একো হোৱা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে সাধাৰণ ৰাইজে যমৰ যন্ত্ৰনা ভুগিব লগা হৈছে।

অকল ভূতাত্ত্বিক সমস্যা আদি দৰ্শাই সংস্থাটোৱে চৰকাৰৰ কোটি কোটি টকাৰ ধন লুটিপুটি খোৱাৰ অভিযোগ উঠিছে। কিন্তু আৰু কিমান বছৰ চলিব এই দুৰ্নীতি? কেতিয়া সম্পন্ন হ’ব এই পথ নিৰ্মাণৰ কাম? সাধাৰণ ৰাইজে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে।