অসমত বিজেপি চৰকাৰৰ বিকাশ! ঠেলাত তুলি চিকিৎসাৰ বাবে অনা হ’ল গৰ্ভৱতী মহিলাক

ফটো: নৰ্থইষ্ট নাও।

উন্নয়নৰ ঢাক ঢোল বজোৱা শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ দিনত প্ৰকৃততে উন্নয়ন কিমান হৈছে? এখন ছবিয়েই প্ৰকৃততে উদঙাই দিছে চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো। নগাওঁ জিলাৰ সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙত এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই চিকিৎসাৰ বাবে লৈ অনা দৃশ্যই সকলোৰে চকু কপালত তুলিছে।

কাৰ্বি আংলং জিলাৰ ১৭ নং চচেনধেন্টা সমষ্টিৰ ৰঙাগৰা ইংলেং গাঁৱৰ মূল পথকিন্তু পথটোৰ দুৰৱস্থাৰ বাবেই এতিয়া জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসী। যাৰ ফলস্বৰূপে নগাওঁ জিলাৰ জখলাবন্ধাত থকা জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ  গৰ্ভৱতী মহিলাকো ঠেলাৰে লৈ আনিবলগীয়া হৈছে।

উল্লেখ্য যে এই পথচোৱাৰ দুৰৱস্থাৰ বাবে যোৱাটো বৰ্ষতো এগৰাকী গৰ্ভৱতী মহিলাই পথতে কাতৰ আৰ্তনাদ কৰি মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল। সেই বাতৰি সকলো সংবাদ মাধ্যমৰ লগতে নৰ্থ ইষ্ট নাওত সবিস্তাৰে প্ৰকাশ হৈছিল।

ফটো: নৰ্থইষ্ট নাও।

কিন্তু ইমানৰ পিছতো অন্তৰ নগলিল পাহাৰীয়া জিলাখনৰ চি ই এম তুলিৰাম ৰংহাঙৰ লগতে চচেনধেন্টা সমষ্টিৰ কাউঞ্চিলাৰ কাচে ৰংপিৰ। যাৰ বাবে আজিও মেৰামেতি নহ’ল পথচোৱাৰ। উন্নয়নৰ শ্ল’গান গোৱা বিজেপি চৰকাৰৰো দৃষ্টি গোচৰ নহ’ল অঞ্চলটো।

আনহাতে, সমাগত কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰাম্ভ কৰিছে শাসকীয় দলে। কিন্তু এইবাৰ অঞ্চলবাসীৰ বাবে কাম কৰা প্ৰাৰ্থীৰ সপক্ষেহে মত দিব বৃহত্তৰ অঞ্চলটোৰ লোকসকলে।

লগতে পঢ়ক: পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰৱঞ্চক দালাল চক্ৰ; এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

আন এক গুৰুত্বপূৰ্ণ কথা যে নগাওঁ জিলাৰ সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ গাতে লাগি আছে কলিয়াবৰ বিধানসভা সমষ্টি। এই কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰো কিন্তু এই ক্ষেত্ৰত ভূমিকা নিষ্ক্ৰীয়। অনাগত দিনত এই অঞ্চলৰ উন্নয়নে কি ৰূপ লয় সেয়া অৱশ্যে লক্ষণীয় হ’ব।