NORTHEAST NOW (Assamese)

লক্ষ্য ২০১৯ৰ লোকসভা নিৰ্বাচন : বিজেপি যদি ডালে ডালে, কংগ্ৰেছ পাতে পাতে!

October 1, 2018 11:00 pm · অনিৰ্বাণ পাঠক
Updated: October 1, 2018 11:02 pm
ফাইল ফটো

২০১৯ৰ লোক নিৰ্বাচনৰ বাবে বিজেপিৰ সমানে সমানে তৎপৰতা প্ৰদৰ্শনৰ বাবে অগ্ৰসৰ হৈছে বিৰোধী দল কংগ্রেছ। তাৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিছে কেতবোৰ ৰণকৌশল। এতিয়া বিজেপি যদি ডালে ডালে যায় কংগ্ৰেছক দেখা যায় পাতে পাতে!

এতিয়া বিজেপিয়ে যদি নিৰ্বাচনৰ বাবে ৰাইজৰ মাজলৈ যাবলৈ এটা ব্যৱস্থা হাতত লয়, কংগ্ৰেছ তাতকৈ এখোপ চৰা। বিজেপিতকৈ অধিক শক্তিশালী কৌশল অৱলম্বনৰ বাবে ব্যৱস্থা হাতত লৈছে কংগ্ৰেছে। কাৰ্যতঃ এই কথা প্ৰমাণিত হৈছে।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ঘোষণা কৰিলে এক নতুন কাৰ্যসূচী।

‘বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ‘পৃষ্ঠাপ্ৰমুখ’ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীক প্ৰতিহত কৰিবলৈ আমি ২ অক্টোবৰৰ পৰা জনসম্পৰ্ক স্থাপনৰ বাবে ‘লোক সম্পৰ্ক অভিযান’ আৰম্ভ কৰিম’, এই ঘোষণা সভাপতি ৰিপুন বৰাৰ।

বৰাই জানিবলৈ দিয়া মতে, এই অভিযানৰ অধীনত ২৬ হাজাৰ কৰ্মীক দলটোৱে জনসম্পৰ্ক স্থাপনৰ বাবে নিয়োগ কৰিব। প্ৰতিটো বুথত ১০ জন বুথ সহযোগী থাকিব আৰু তেওঁলোকৰ প্ৰতিজনৰ দায়িত্বত ২০-২৫টা পৰিয়াল থাকিব।

‘লোক সম্পৰ্ক অভিযান’ অনুসৰি এই কৰ্মীসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব। ভোটাৰ ৰাইজৰ লগত এই যোগাযোগ কেৱল এবাৰেই নহয়, প্ৰায় ১০-১৫ দিনৰ মূৰে মূৰে কৰ্মীসকলে নিজৰ নিজৰ দায়িত্বত থকা পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰি থাকিব বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিজেপিয়ে চলাই অহা ‘পৃষ্ঠা প্ৰমুখ’ কাৰ্যসূচীত ভোটাৰ তালিকাৰ এটা পৃষ্ঠাত থকা ভোটাৰ সকলৰ সৈতে সম্পৰ্ক স্থাপনৰ দায়িত্ব এজন কৰ্মীক দিয়া থাকে।

অৱশ্যে কংগ্ৰেছৰ এই অভিযান কেৱল নিৰ্বাচনকেন্দ্ৰিক নহয় বুলি কোৱাৰ লগতে ইয়াৰ জৰিয়তে দলটোৱে ভোটাৰ ৰাইজৰ অভাৱ-অভিযোগৰো বুজ ল’ব বুলি ৰিপুণ বৰাই জানিবলৈ দিয়ে।

Related News