প্ৰস্তুতি সম্পূৰ্ণ : কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

03-12-18 Amingaon- panchayat election ballot box (5)

পঞ্চায়ত নিৰ্বাচনৰ বাবে দূৰণিবটীয়া বোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বোলট বাকচ লৈ ৰাওনা হৈছে নিয়োজিত বিষয়াসকল। ফটো : ইউ বি

ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পঞ্চায়ত নিৰ্বাচনৰ এই প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ১৬ খন জিলাত বুধবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।

কাইলৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজী, লখিমপুৰ, বিশ্বনাথ, শোনিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ (গ্ৰাম্য) আৰু কামৰূপ (মহানগৰ) এই জিলা কেইখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইতিমধ্যে দূৰণিবটীয়া অঞ্চলৰ ভোটকেন্দ্ৰসমূহলৈ প্ৰিজাইডিং, পুলিং বিষয়াসকল ৰাওনা হৈছে।

ইপিনে, ভোটকেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। তদুপৰি, ইতিমধ্যে চিনাক্ত কৰা স্পৰ্শকাতৰ কেন্দ্ৰসমূহত অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অংশ লোৱাৰ বাবে বিভিন্ন ঠাইত কৰ্মৰত লোকসকলে ভোটদানৰ বাবে নিজ নিজ গৃহলৈ ৰাওনা হৈছে। ৰাজ্যৰ বাহিৰত থকা লোকসকলো প্ৰায় ভোটদানৰ বাবে আহি পাইছেহি। গুৱাহাটীত সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ঠাইবোৰলৈ যোৱা বাছসমূহত যথেষ্ট সংখ্যক যাত্ৰীৰ ভিৰ দেখা যায়।

আনহাতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান সোমবাৰে সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলৰ নেতাসকলে এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে অহা ৯ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। তদুপৰি, ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। ১২ ডিচেম্বৰৰ পাছতেই ৰাজ্যখনত ৰাজনৈতিক দলবোৰৰ বৰ্তমান অৱস্থানৰ ছবিখন স্পষ্ট হৈ পৰিব।