NORTHEAST NOW (Assamese)

বিশ্ববাসীলৈ সুখবৰ!: নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ব্রিটেইনৰ চিকিৎসালয়ত আৰম্ভ কৰা হ’ব কোভিড ভেকচিন!

October 26, 2020 2:55 pm · এন ই নাও নিউজ
Updated: October 26, 2020 3:00 pm

অহা নৱেম্বৰ মাহৰ পৰা ব্ৰিটেইনৰ এখন হাস্পতালত অক্সফোৰ্ডৰ কোভিড ভেকচিন কোভিডশ্বীল্ডেৰে প্ৰথম বেটছ্ ক’ৰ’ণা ৰোগীক চিকিৎসা প্ৰদান কৰা হ’ব।

সোমবাৰে ব্ৰিটেইনৰ দ্য চান নামৰ সংবাদ পত্ৰখনে এই বাতৰি প্ৰকাশ কৰি কৈছে যে ব্ৰিটেইনৰ লণ্ডন হাস্পতালে এই উদ্যোগ লৈছে।

সংবাদ পত্ৰখনৰ বাতৰিত কোৱা হৈছে যে নৱেম্বৰৰ দ্বিতীয়টো সপ্তাহৰ পৰা এই ভেকচিনটোৰে চিকিৎসা আৰম্ভ কৰিবলৈ চিকিৎসালয়খনে প্ৰস্তুতি চলাইছে।

উল্লেখ্য যে, ইতমিধ্যে অক্সফোৰ্ডে প্ৰস্তুত কৰা এই ভেকচনিটো আষ্ট্ৰাজেনেকাৰৰ সৈতে বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই বাণিজ্যিক উৎপাদনৰ বাবে চুক্তিৱদ্ধ হৈছে।

ইফালে সোমবাৰে ফাইন্সিয়েল টাইমছ-এ আষ্ট্ৰাজেনেকাৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে ভেকচিনটোৱে মানৱ শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুত গতিত বৃদ্ধি কৰিব পাৰিছে।

সমগ্ৰ বিশ্বতে ১.১৫ মিলিয়ন লোকৰো অধিক লোকৰ জীৱন কাঢ়ি নিয়া এই ক’ৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰিলে এই ভেকচনিটোৱে সমগ্ৰ বিশ্বৰ বাবে এটা মাইলৰ খুঁটি হৈ ৰ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে ইতিমধ্যে ভেকচিনটো বিশ্বৰ বিভিন্ন দেশত মানৱ শৰীৰত পৰীক্ষণ চলাই থকা হৈছে।

এই পৰীক্ষণকালীন অৱস্থাত ভেকচনিটোৱে ব্ৰিটেইনৰ এজন স্বেচ্ছাসেৱকৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ব্ৰাজিলৰ এজন স্বেচ্ছাসেৱকৰ মৃত্যু হোৱাৰ খবৰো সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

অৱশ্যে এই আষ্ট্ৰহাজেনেকাৰে ব্ৰাজিলৰ স্বেচ্ছাসেৱকজনৰ শৰীৰত কোভিডশ্বীল্ড ভেকচিন প্ৰয়োগ কৰা হোৱা নাছিল বুলি স্পষ্টীকৰণ দিছিল।

স্মৰ্তব্য যে, বিশ্বৰ বিভিন্ন দেশত বৰ্তমান তৃতীয় তথা অন্তিম পৰ্যায়ৰ মানৱ শৰীৰত পৰীক্ষণ চলি থকা ভেকচিনটোৰ শেষ পৰ্যায়ৰ পৰীক্ষণৰ ৰিপোৰ্ট আহিবলৈ বাকী থাকিলেও পৰীক্ষণ সুকলমে হৈ আছে বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। আৰু ধাৰণা কৰা হৈছে যে চলিত মাহত অথবা অহা মাহৰ প্ৰথমটো সপ্তাহতে সকলোবোৰ পৰীক্ষণৰ ৰিপোৰ্ট লাভ কৰিব।

Related News