NORTHEAST NOW (Assamese)

প্ৰেৰণা পুথিভঁৰাল : এটি অসম-বিৰল, ব্যতিক্ৰমী, প্ৰেৰণাদায়ী অনুষ্ঠান

June 26, 2019 5:33 pm · শিৱজিত দত্ত
প্ৰেৰণা পুথিভঁৰালৰ মূল ব্যক্তি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা (বাওঁফালৰজন)

ভাৰতৰ স্বাধীনতা আন্দোলন কেৱল এক ৰাজনৈতিক আন্দোলনেই নাছিল, মানৱতাৰ উত্তৰণৰ ই আছিল এক সৰ্বাত্মক প্ৰয়াসো। সামাজিক-সাংস্কৃতিক সকলো দিশতে এক আধুনিক মননৰ ভিত্তিত ই আছিল উদ্দীপ্ত মনুষ্যত্বৰেই এক সাধনা – কাৰ্যতঃ ভাৰত-মনীষাৰ এক নৱ-জাগৰণ। স্বাধীনতাৰ তিনি দশকমান পিছলৈকে ইয়াৰ প্ৰেৰণা আছিল অব্যাহত।

শিৱ আৰু সুন্দৰৰ লগতে সত্যৰো অৰ্থাৎ জ্ঞানৰো সাধনা চলিছিল গাঁৱে-নগৰে। “জ্ঞানে পৰিসমাপ্যতে”ৰ প্ৰেৰণাদায়ী মুক্তি-মংগল-ভটিমা বুকুত থাপি, নৱালোক-স্পৰ্শিত মধ্যবিত্ত-নেতৃত্বৰ হাতত ধৰি, গাঁও-ভুঁইৰ মেহনতী মানুহে, ভাৰতৰ বুনিয়াদী জনতাই, বিদ্যালয় পাতিছিল, মহাবিদ্যালয়ৰ আধাৰশিলা থাপিছিল। তেজাল বদনৰ অসমীয়া আৰু ভাৰতীয় ডেকাদলে, সংঘ পাতি, পুথিভঁৰাল থাপি গাঁৱে-গাঁৱে বন্তি জ্বলাইছিল। চৰকাৰেও কিঞ্চিৎ হাত-উজান দিছিল। ভাৰতীয় সমাজ-সংস্কৃতিক পুঁজিবাদী বিশ্বায়নে ক্ৰমশঃ কুক্ষিগত কৰি অনাত, স্বাধীনতায়ো ‘সবকা সাথ সবকা বিকাশ’ নঘটোৱাত, ভাৰতৰ মধ্যবিত্ত অনুক্ৰমে অসাধাৰণ আত্মকেন্দ্ৰিক আৰু ধান্দাবাজ হৈ পৰাত, পূৰ্বৰ সেই ৰাজহুৱা প্ৰেৰণা ‘পাতালে লুকাল’;  সৰ্বাত্মক মুনুষ্যত্বৰ সাধনাও মুজুৰা পৰিল।

আন্ধাৰ ৰাতি মেঘাবৃত আকাশত দুই-এটা নিঃসংগ তৰাৰ জিলিঙনিয়েও ত্ৰস্ত পথিকক কিঞ্চিত সকাহ দিয়ে। নলবাৰী জিলাৰ পশ্চিমাঞ্চলৰ বিহামপুৰগাঁৱত বাঁহজানীৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ব্যক্তিগত উদ্যোগত কিন্তু ৰাজহুৱা স্বাৰ্থত নিজ পৰিয়ালৰ লগতে আন বহু সহমৰ্মী লোকৰ সহযোগত প্ৰতিষ্ঠা আৰু লালন কৰা “প্ৰেৰণা পুথিভঁৰাল” পূৰ্বোক্ত ধৰণৰ প্ৰেৰণাবাহী এক অকলশৰীয়া জ্যোতিষ্মান তৰা। নানাজনৰ নানাৰকমৰ বৰঙণি তাত আছে; কৰ্মীবাহিনী-পৰিচালকবাহিনী আছে;  কিন্তু তাৰ ধনবল, পৰিকল্পনা, প্ৰযোজনা আৰু পৰিচালনা ঘাইকৈ শ্ৰী শৰ্মাৰ। গাঁঠিৰ ধনেৰে তেখেতে প্ৰায় ২৫ লাখ টকীয়া দুমহলীয়া পুথিভঁৰাল-গৃ্হ সজাইছে, অনেক গ্ৰন্থ আৰু আলমাৰী ক্ৰয় কৰিছে, অন্যান্য যাৱতীয় খা-খৰচত আগভাগ লৈ আহিছে। শুভাকাংক্ষীৰ দাঁন-বৰঙণি লৈছে, কিন্তু চৰকাৰ বা ৰাজনৈতিক দলৰ অনুগ্ৰহ-প্ৰাৰ্থী হোৱা নাই।

২০০০ চনত থাপিত এই পুথিভঁৰাল আজিলৈকে পঞ্জীকৃত হোৱা নাই। কিন্তু, পঞ্জীকৃত আৰু নামত ৰাজহুৱা বহু অনুষ্ঠানৰ তুলনাত ইয়াৰ হৃৎস্পন্দন আৰু ৰক্ত-সঞ্চালন বহুত বেছি। ই স্পৰ্শ আৰু অনুপ্ৰাণিত কৰি আছে পশ্চিম নলবাৰীৰ প্ৰায় শতাৰ্ধ গাঁৱৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক; সমবেত কৰিছে অঞ্চলটোৰ বহু বিদ্বান, শিল্পী, সমাজকৰ্মীক।

অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আৰু সংস্কৃত ভাষাৰ কেবা হেজাৰো চালে-চকুৰোৱা, বাচকবনীয়া গ্ৰন্থ-সম্বলিত “প্ৰেৰণা”ত প্ৰতি দেওবাৰে উখল-মাখল পৰিবেশ। ছাত্ৰ-ছাত্ৰীৰ লগতে আন আন আগ্ৰহী পাঠকো আহে কিতাপ নিয়া-ঘূৰোৱা কৰিবলৈ; কামখিনি সুচাৰুৰূপে কৰিবলৈ প্ৰতি দেওবাৰে শ্ৰী শৰ্মাৰ লগত অবৈতনিক কৰ্মী হিচাপে থাকে এজাক তেজাল তৰুণ-তৰুণী। অৰ্থাৎ জ্ঞান-সাধনাৰ লগে লগে সামাজিক দায়বদ্ধতা আৰু সংগঠিত কাম-কাজৰ অনুশীলনৰ অৱকাশো দিছে “প্ৰেৰণা”ই। বিভিন্ন ভাষাৰ নিৰ্বাচিত গ্ৰন্থ-সম্ভাৰৰ লগতে প্ৰাথমিক পৰ্যায়ৰপৰা স্নাতকোত্তৰ মহলালৈকে পাঠ্যপুথি যোগান ধৰি ছাত্ৰ-ছাত্ৰীৰ অবিস্মৰণীয় উপকাৰ সাধিছে পুথিভঁৰালটোৱে। তদুপৰি কেন্দ্ৰীয় সংগঠনৰ ভূমিকা লৈ ”প্ৰেৰণা”ই চলাই ৰাখিছে আন দুটামান ফলপ্ৰসু অনুষ্ঠান।

সদস্যসকলৰ স্বৰচিত গল্প-কবিতা, নাট-নিবন্ধ পাঠ আৰু আলোচনা কৰাৰ নিমিত্তে “সাধনা সাহিত্য চ’ৰা”ৰ বেনাৰত প্ৰতিমাহে অনুষ্ঠিত কৰে একোখন বৈঠক। কেবাগৰাকীও লেখক-লেখিকা তাৰ অম্লজান লৈ আগবাঢ়ি গৈছে। এই চ’ৰাৰ বুকুতেই অৱশ্যে “প্ৰেৰণা”ও ভূমিষ্ঠ হৈছিল। আন এটি সংলগ্ন অনুষ্ঠান “আশা সাহায্য নিধি”। ইচ্ছুকজনৰপৰা দহ-বিশ, পঞ্চাশ-এশ টকাকৈ তুলি এই নিধিৰ বাবে ধন সংগ্ৰহ কৰা হয় আৰু তাৰে অতি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক সময়ে সময়ে সহায় কৰা হয়। বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত “প্ৰেৰণা”ৰ এটা সক্ৰিয় শাখাও স্থাপিত হৈছে। ৰাজ্যজুৰি সচেতন লোকৰ দৃষ্টি আকৰ্ষণ কৰা “প্ৰেৰণা”ই নানা সজাগতা কাৰ্যসূচী ৰূপায়িত কৰে আৰু প্ৰতি দেওবাৰে এখনি কুইজ অনুষ্ঠিত কৰে।

দেখাত ব্যক্তিগত এই অনুষ্ঠানে সিদ্ধান্ত গ্ৰহণ কৰে ঘাইকৈ পৰিচালক-মণ্ডলীৰ মাজত হোৱা আলাপ-আলোচনাৰ মাজেদি। নামত ৰাজহুৱা বহু অনুষ্ঠানতে এনে গণতান্ত্ৰিক অনুশীলন দুৰ্লভ আৰু ৰাজহুৱা স্বাৰ্থত এনে প্ৰাণস্পন্দনো পৰ্বতৰ কাছ কণীৰ লেখীয়া। আচলতে ৰাজহুৱা অনুষ্ঠানৰ পৰিচালনা সমিতিৰ উপদেষ্টা, সভাপতি, সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য, সাধাৰণ সদস্য আদি সম্বলিত গাঁথনিটো সামন্ততন্ত্ৰৰ পিৰামিডীয় গাঁথনিৰেই অনুকৰণ। বহু অনুষ্ঠানতে  নিৰ্বাচনৰ ব্যৱস্থা থাকিলেও মূৰকত একেকেইজন ব্যক্তিৰ মাজতেই দীৰ্ঘকাল ক্ষমতাৰ ভাগ-বটোৱাৰা হৈ থাকে, হিচাপ-নিকাচো বহু সময়ত স্বচ্ছ নহয়, ৰাইজৰ উপকাৰত অহা কামৰ পৰিমাণো তেনেই কম। তেনে বহু অনুষ্ঠানতে গণতন্ত্ৰৰ চোকোৰাটো থাকে, কিন্তু শাহ অন্তৰ্হিত।

বহুতৰ বাবেই প্ৰেৰণা, সাধনা আৰু আশাৰ মঞ্চত পৰিণত হোৱা “প্ৰেৰণা পুথিভঁৰাল”ৰ কাম-কাজ আৰু গাঁথনি সকলোৰে চৰ্চাৰ বিষয় হোৱা বাঞ্চনীয়।

Related News