• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকক শাস্তি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাষ্ট-ট্ৰেক আদালত গঠনৰ ঘোষণা কৰাৰ পিছতেই ককৰোচ জনতা পাৰ্টিয়ে ইয়াক প্ৰত্যাখ্যান কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগত আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2026 2:52 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীক শাস্তি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ফাষ্ট-ট্ৰেক আদালত গঠনৰ ঘোষণাক বৃহস্পতিবাৰে ‘ককৰোচ জনতা পাৰ্টি’য়ে (চিজেপি) পোনচাটেই প্ৰত্যাখ্যান কৰিছে। চৰকাৰৰ এই ঘোষণাই মূলতঃ শিক্ষা ব্যৱস্থাটোৰ দায়বদ্ধতাৰ বিষয়টোক সামৰি লোৱা নাই বুলি উল্লেখ কৰাৰ লগতে দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে চৰকাৰে বাহিৰাগত দুষ্কৃতিকাৰী নিয়োগ কৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলক বদনাম কৰিবলৈ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

 

Apply Now

বৃহস্পতিবাৰে পুৱা এক্স (X) হেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত লোকসকলক দ্ৰুত আৰু কঠোৰ শাস্তি প্ৰদান নিশ্চিত কৰিবলৈ ফাষ্ট-ট্ৰেক আদালত গঠনৰ কথা ঘোষণা কৰিছিল। তেওঁ লগতে উল্লেখ কৰিছিল যে যুৱ প্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন একোৱেই অধিক গুৰুত্বপূৰ্ণ নহয়। প্ৰধানমন্ত্ৰীৰ এই পোষ্টৰ প্ৰতিক্ৰিয়া স্বৰূপে দিপকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি কটাক্ষ কৰে আৰু চিজেপিয়ে পুনৰবাৰ শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰে।

 

চিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই প্ৰধানমন্ত্ৰীৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ডেৰ মাহৰ প্ৰতিবাদৰ অন্তত অৱশেষত প্ৰধানমন্ত্ৰীয়ে বিষয়টোলৈ গুৰুত্ব প্ৰদান কৰাটো ভাল খবৰ। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত শাস্তি প্ৰদান কৰিলে মূল সমস্যাটোৰ সমাধান নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। ৰাংকাই কয় যে ব্যৱস্থাটো চলাই থকা লোকসকলৰ দায়বদ্ধতা আৰু দক্ষতাৰ অভাৱৰ বাবেই এনে ঘটনা সংঘটিত হৈছে, সেয়েহে কেৱল শাস্তিৰ ঘোষণাই যথেষ্ট নহয় বৰঞ্চ প্ৰশ্নকাকত কিয় ফাদিল হৈছে তাৰ উত্তৰ বিচৰাটোহে অধিক প্ৰয়োজনীয়।

 

ইফালে প্ৰতিবাদস্থলীত সংবাদ মাধ্যমৰ আগত প্ৰতিষ্ঠাপক অভিজিৎ দিপকে অভিযোগ কৰে যে আন্দোলনটোক বিপথে পৰিচালিত কৰিবলৈ বিজেপিয়ে বাহিৰৰ পৰা দুষ্কৃতিকাৰী প্ৰেৰণ কৰিছে। তেওঁ দাবী কৰে যে যোৱা এমাহ ধৰি চলি থকা এই প্ৰতিবাদত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল, কিন্তু এতিয়া আৰক্ষীৰ সহযোগত বিজেপিৰ লোকে শিলগুটি নিক্ষেপ কৰি চিজেপিৰ লোকসকলক বদনাম কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে। মুখপাত্ৰ ৰাংকায়ো উল্লেখ কৰে যে বৰ্তমান জনসাধাৰণৰ ক্ষোভ শিক্ষামন্ত্ৰীৰ পৰা সলনি হৈ ক্ৰমান্বয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীভূত হ’বলৈ ধৰিছে আৰু শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে তেওঁলোকে প্ৰতিবাদস্থলী ত্যাগ নকৰে।

 

যোৱা ২০ জুনৰ পৰা চিজেপিৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়মৰ তদন্ত, শিক্ষাব্যৱস্থাৰ সংস্কাৰ আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই আহিছে। যোৱা ২৮ জুনত এই আন্দোলনত যোগদান কৰি আমৰণ অনশনত বহা জলবায়ু কৰ্মী সোনোম ৱাংচুকে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা বা গোচৰ ৰুজু নকৰাৰ চৰকাৰী প্ৰতিশ্ৰুতি পালে অনশন ভংগ কৰাৰ প্ৰস্তাৱ দিছে। ইয়াৰ মাজতে ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে এক্স যোগে প্ৰকাশ কৰে যে যন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছে। দিল্লীৰ আন প্ৰান্তত হোৱা হিংসাত্মক ঘটনাৰ সৈতে তেওঁলোকক সাঙুৰি শিক্ষাৰ্থীসকলক অপৰাধী সজাবলৈ চলোৱা অপচেষ্টা সঁচাকৈয়ে দুখজনক বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।

 

বৰ্তমান যন্তৰ-মন্তৰত চিজেপিৰ আন্দোলন অব্যাহত আছে আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদকাৰীসকল অটল হৈ আছে। চৰকাৰী পক্ষৰ পৰা সমগ্ৰ বিষয়টোক লৈ ফাষ্ট-ট্ৰেক আদালত গঠনৰ ঘোষণা কৰা হৈছে যদিও প্ৰতিবাদকাৰীসকলৰ অভিযোগ, তেওঁলোকৰ সুৰক্ষা আৰু সোনোম ৱাংচুকৰ চৰ্তৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ বা দিল্লী আৰক্ষীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো স্পষ্টীকৰণ বা পৰৱৰ্তী পদক্ষেপৰ কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd