NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

July 13, 2025 1:14 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 13, 2025 1:18 pm

ৰাষ্ট্ৰসভাৰ বাবে চাৰিজন লোকক মনোনীত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

গৃহ মন্ত্ৰণালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাজ্যসভাৰ বাবে উজ্জ্বল দেৱৰাজ নিকাম, চি সদানন্দন মাষ্টাৰ, হৰ্ষ বৰ্ধন শ্ৰিংলা আৰু ডাঃ মীনাক্ষী জৈনক মনোনীত কৰা হৈছে।

উল্লেখ্য যে উজ্জ্বল দেৱৰাজ নিকামে বিজেপিৰ টিকটত মুম্বাই উত্তৰ কেন্দ্ৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল।

আনহাতে, হৰ্ষ বৰ্ধন শ্ৰিংলা বৰ্তমান বৈদেশিক সচিব হৈ আহিছে।গৃহ মন্ত্ৰালয়ে এক অধিসূচনাযোগে প্ৰকাশ কৰিছে যে মনোনীত সদস্যৰ অৱসৰৰ বাবে খালী হৈ থকা পদ পূৰণৰ বাবে এই চাৰিজনক ৰাজ্যসভালৈ মনোনীত কৰা হৈছে।

Related News