• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 2:06 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেতিয়া মাজনিশা। গোটেই দিনটো কাম কৰি ক্লান্ত ৰাজস্থানৰ পাঁচজন শ্ৰমিকে দিল্লীৰ ৰাজপথত জিৰণি লৈছিল। গোটেই দিনটো ভাগৰুৱা হোৱাৰ পিছত সিহঁতে ফুটপাথতে শুই পৰিছিল। তেতিয়াও তেওঁলোকে জনা নাছিল যে তেওঁলোকৰ বাবে কি ভয়ানক পৰিণতি অপেক্ষা কৰি আছে।

মাজনিশা তেওঁলোক শুই থকা অৱস্থাত দিল্লীত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। শুই থকা প্ৰব্ৰজিত শ্ৰমিকক মহতিয়াই পেলায় এখন গাড়ীয়ে। নিমিষতে ৰক্তাক্ত হৈ পৰে ৰাজধানীৰ পথ। পাঁচজনৰ মৃত্যু ঘটে। দিল্লীৰ এটা অভিজাত এলেকাত নিশাৰ আন্ধাৰত ঘটিছে এই কাণ্ড। এই ঘটনাত কঁপি উঠিছে সাধাৰণ ৰাইজ।

Apply Now

সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, এই ঘটনা সংঘটিত হৈছিল যোৱা ৯ জুলাইৰ নিশা প্ৰায় ১:৪৫ বজাত। ঘটনা সন্দৰ্ভত এজন বিষয়াই কয় যে শনিবাৰে দক্ষিণ-পশ্চিম দিল্লীৰ বসন্ত বিহাৰ অঞ্চলৰ শিৱ কেম্পৰ সমীপৰ পদপথত ৫জন লোক শুই আছিল। দুটা দম্পতী আৰু এটা শিশু আছিল।

মাজনিশা এখন অ’ডি গাড়ীয়ে সিহঁতক মহতিয়াই পেলালে। লাধি (৪০), তেওঁৰ আঠ বছৰীয়া কন্যা বিমলা, লাধিৰ স্বামী সাবামী ওৰফে চিৰ্মা (৪৫), ৰাম চন্দ্ৰ (৪৫) আৰু তেওঁৰ পত্নী নাৰায়ণী (৩৫)। এই আটাইকেইজনেই ৰাজস্থানৰ বাসিন্দা।

জানিব পৰা মতে, ঘাতক গাড়ীখনৰ চালক উৎসৱ শেখৰ নামৰ এজন ব্যক্তি, যাৰ  বয়স ৪০ বছৰ। আৰক্ষীয়ে নিশ্চিত কৰিছে যে এই ঘটনাৰ সময়ত লোকজন মাতাল অৱস্থাত আছিল। ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰু প্ৰত্যক্ষদৰ্শীৰ বক্তব্যৰ পৰাও এই পাঁচজন শিৱ কেম্পৰ সন্মুখৰ ফুটপাথত শুই থকা বুলি জানিব পৰা গৈছে। হঠাৎ গভীৰ নিশা তেওঁলোকৰ ওপৰেৰে বগা ৰঙৰ অ’ডি গাড়ী চলি যায়।

তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁলোক বাচি থকা নাই বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনহাতে, দুৰ্ঘটনাটোত ঘাতক গাড়ীখনো ভাঙি চূৰমাৰ হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গাড়ীখনৰ ছবি ইতিমধ্যে ৰাজহুৱা হৈছে। সেইবোৰত অ’ডিৰ ক্ষতিগ্ৰস্ত সন্মুখৰ অংশটো দেখা যায়। যদিও চালকজন আহত হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে অভিযুক্ত চালক শেখৰ দ্বাৰকাৰ বাসিন্দা। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। থিতাতে গ্ৰেপ্তাৰ কৰা হয় শেখৰক। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অধিক বিশদ তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়াকৈ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তত অসাৱধানতাৰে দ্ৰুতবেগী গাড়ী চালনাৰ বলি হৈছে একাংশ। পথ দুৰ্ঘটনাৰ সন্দৰ্ভত একাধিক নিয়ম আৰু সতৰ্কবাণী থকাৰ পিছতো বহুতে এইবোৰ বিষয়ত গুৰুত্বই দিয়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd