তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশনত উপস্থিত থাকিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশন অহা ২ , ৩ আৰু ৪ মে’ ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব।
প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্থানত অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশন।

অধিৱেশনৰ আটাইবোৰ কাৰ্যসূচী পৰিচালনা কৰাৰ অৰ্থে বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাসক সভাপতি আৰু সমাজকৰ্মী ৰত্নেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ।
কেইবাখনো উপ- সমিতি গঠন কৰি অধিৱেশনৰ সফল ৰূপায়ণৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে ।

শ-শ শ্ৰমিক কৰ্মচাৰীয়ে দিনে নিশাই ভাগে ভাগে কাম- কাজ চলাই গৈছে । বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে বিভিন্ন কাম- কাজৰ তদাৰক কৰি আছে ।
ৰুষ্ট প্ৰকৃতিয়ে বিগত কিছুদিন অধিৱেশনৰ কাম- কাজ আগবঢ়াই নিয়াত বিধি- পথালি দিছিল যদিও যোৱা দুটা দিনত বতৰ ভাল হোৱাত যুদ্ধকালীন তৎপৰতাৰে অধিৱেশনৰ কাম চলাই থকা পৰিলক্ষিত হৈছে ।

এইবেলি বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকিবা

একেৰাহে দুদিন অধিৱেশনস্থলীত উপস্থিত হৈ অধিবেশনৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে।

বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপৰি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাস, এমচিএলএ পৱিত্ৰ বড়োয়েও উপস্থিত থাকি অধিৱেশনৰ কাম কাজৰ তদাৰক কৰি আছে ।
অধিবেশনস্থলীত প্ৰমোদ বড়োৱে কাম- কাজ তদাৰক কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়- পূৰ্ণোদ্যমে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ কাম- কাজ চলি আছে । আমি বিশেষভাৱে আনন্দিত আৰু গৌৰৱান্বিত হৈছো এই কাৰণেই যে ভাৰতৰ প্ৰথম নাগৰিক, ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশনৰ ৪ মে’ত অনুষ্ঠিত হব লগা মুকলি অধিৱেশনত অংশগ্ৰহণ কৰিব।

এই দিনটো তামুলপুৰবাসীৰ , বড়ো সাহিত্য সভা আৰু বিটিআৰ বাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হব বুলি তেওঁ মন্তব্য কৰে ।

অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপৰি অসমৰ ৰাজ্যপাল , অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আন তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰিব ।

অধিৱেশনত জাতি- ভাষা- বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা কামনা প্ৰমোদ বড়োৰ।

প্ৰমোদ বড়োৱে লগতে কয় যে ১৯৫২ চনত জন্ম লাভ কৰা বড়ো সাহিত্য সভাই সাহিত্য , সংস্কৃতি , ভাষাৰ উন্নয়নৰ বাবে কাম কৰি অহাৰ উপৰি জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি আহিছে।
বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু অধিকাৰৰ বাবে মাত মতাৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে ।