NORTHEAST NOW (Assamese)

পৰেশ ৰাৱালক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ নতুন অধ্যক্ষ নিযুক্তি

September 10, 2020 6:57 pm · এন ই নাও নিউজ

বলিউদৰ বৰ্ষীয়ান চৰিত্ৰ অভিনেতা পৰেশ ৰাৱালক বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।

২০০ খনৰো অধিক ছবিত অভিনয় কৰা অভিনেতা গৰাকীয়ে তেওঁৰ নতুন দায়িত্বভাৰ প্ৰত্যাহ্বানপূৰ্ণ হ’ব যদিও আনন্দদায়ক হ’ব বুলিও লগতে কয়।

”মই মোৰ সৰ্বোচ্চখিনি দিয়াৰ বাবে সাজু কাৰণ এইখন ক্ষেত্ৰ মই ভালদৰে জানো,” পৰেশ ৰাৱালে মত প্ৰকাশ কৰে।

আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পৰেশ ৰাৱালক চাৰি বছৰৰ বাবে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।

উল্লেখযোগ্য যে, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ আদিৰ দৰে বিশিষ্ট অভিনেতায়ো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।

১৯৫৫ চনৰ ৩০ মে’ত মহাৰাষ্ট্ৰৰ বোম্বেত জন্মগ্ৰহণ কৰা পৰেশ ৰাৱালক অভিনয় জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল।

২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাৱালে পূৱ আহমেদাবাদ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

Related News