ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিকে ধৰি অন্যান্য বিষয়সমূহ সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে এখন সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলত অসম নাগৰিক সমাজৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, সভাপতি,সাধাৰণ সম্পাদক পৰেশ মালাকাৰকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। অসম নাগৰিক সমাজৰ নেতৃত্বই কয় যে—এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কবলত৷ ডিমা হাচাওৰ অৱস্থা অবৰ্ণনীয়৷ ই সম্প্ৰতি এক ধংসস্তুপত পৰিণত হৈছে৷ ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে,পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানোঁ৷ পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে৷অসমৰ বাবে বৰষুণ আৰু বানপানী একো নতুন কথা নহয়৷
কিন্তু, পৰিতাপৰ কথা যে নিৰ্মাণ কেন্দ্ৰীক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগলিক পৰিবেশ,জলবায়ু আৰু তাৰ লগত জড়িত অইন প্ৰশ্ন সমূহ সমুলি আওকাণ কৰিছে৷ এটাৰ পিছত এটাকৈ নিৰ্মাণ কাৰ্য চলাই থাকোতে তেওঁলোকে বহনক্ষম বিকাশৰ ধাৰণাটোৰ কথা পাহৰি গৈছে৷ সেয়ে, বাৰিষা আহিলেই আজিকালি আমি সন্ত্ৰস্তহৈ পৰোঁ৷ চাৰিওফালে এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷অসমৰ প্ৰাকৃতিক পৰিবেশ, ভূতাত্তিক গঠন, ভূসংৰচনা আৰু জীৱবৈচিত্ৰ্যৰ প্ৰতি সংবেদনশীল নোহোৱাকৈ যধেমধে কৰা নিৰ্মাণ কাৰ্যই আমাৰ ইতিমধ্যে বিস্তৰ ক্ষতি সাধন কৰিছে৷নিৰ্বননীকৰণ, কয়লা খনন, নদীৰ বুকু খনন আৰু নিৰ্বিচাৰ নিৰ্মাণে সমগ্ৰ অসমখন ইতিমধ্যে জেৰজেৰীয়া কৰি পেলাইছে৷ বহনক্ষম বিকাশৰ ধাৰণাত প্ৰাকৃতিক পৰিবেশ,ভূতাত্ত্বিক গঠন,ভূসংৰচনা,আৰ্থ-সামাজিক,সাংস্কৃতিক উপাদান, লিংগ আদি কৰি সকলোবোৰ কথা বিবেচনা কৰা হয়৷কিন্তু, এতিয়া আমাৰ নিৰ্মাণ কেন্দ্ৰীক বিকাশৰ মূল চালিকা শক্তি হৈছে ৰাজনীতিক আৰু ঠিকাদাৰ৷ ডিমা হাচাওত নতুনকৈ নিৰ্মাণ কৰা ৰেলপথ যাত্ৰীবাহী ৰেল চলাচলৰ বাবে উপযোগী নহয় বুলি হেনো ২০১৫ চনতে কোৱা হৈছিল৷তেন্তে কোনে সেই সতৰ্কীকৰণ অমান্য কৰিলে?
তাৰ দায়িত্ব এতিয়া কোনে ল’ব? আজি ডিমা হাচাওৰ এই অৱস্থা৷কাইলৈ বৃহৎ নদীবান্ধে সমগ্ৰ অসম উটুৱাই নিব পাৰে! আনহাতে, এই দুৰ্যোগৰ মাজতে চৰকাৰে আজি অ’ত, কাইলৈ ত’ত উচ্ছেদ আৰম্ভ কৰিছে৷তাৰ শেহতীয়া উদাহৰণ কাচাৰৰ ডলু চাহ বাগিছা আৰু শিলসাকো৷আমি এতিয়া দুই ধৰণৰ উচ্ছেদ দেখিবলৈ পাইছোঁ: এটা তথাকথিত অবৈধভাবে ভূমি দখল কৰা লোকৰ উচ্ছেদ আৰু আনটো নতুন নিৰ্মাণৰ বাবে ঠাই উলিয়াবলৈ কৰা উচ্ছেদ৷আমি কেতিয়াও নিবিচাৰোঁ ৰাজ্যখনৰ পাহাৰ,পৰ্বত,বিল,জলাহ যিয়ে যেনেকৈ পাৰে দখল কৰক৷কিন্তু, যিকোনো পৰিস্থিতিতে গৰীৱ,দুখীয়াক উচ্ছেদ কৰাৰ আগতে তেওঁলোকৰ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ৷আকৌ গৰীৱ, দুখীয়াক উচ্ছেদ কৰা হয়, ক্ষমতাবান ধনী কিয় বাচি যায়? আনহাতে নিৰ্মাণৰ উদ্দেশ্যে কৰা উচ্ছেদে তাৰ পৰিবেশত কি প্ৰভাব পেলাব,মানুহৰ জীৱন জীবিকাৰ ক্ষতিপূৰণ কি হ’ব, সেই প্ৰকল্পটোৰ লাভ,লোকচান কি হ’ব -এই কথাবোৰ কিয় বিবেচনা কৰা নহয় আৰু এইবোৰ কিয় ৰাজহুৱা কৰা নহয়?
গুৱাহাটীৰ পৌৰসভাৰ নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে ক’লে যে যি য’ত বহি আছে তাতে তেওঁলোক থাকিব পাৰিব৷ তেওঁলোকক মাটিৰ পট্টা দিয়া হ’ব,যিটো নিৰ্বিচাৰে আমি সমৰ্থন নকৰোঁ৷ কিন্তু, তাৰ পিছত সৌ সিদিনা আমি শিলসাকোত কি দেখিলোঁ? অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অসম নাগৰিক সমাজৰ ফালৰ পৰা আমি ক’ব বিচাৰোঁ যে প্ৰথমে আমাক নিৰ্মাণ কেন্দ্ৰীক বিকাশ নালাগে,মানব নেন্দ্ৰীক বিকাশহে লাগে৷দ্বিতীয়তে চৰকাৰে শীঘ্ৰে,অতি তৎপৰাতাৰে বানত ক্ষতিগ্ৰস্ত লোক সকলক উদ্ধাৰ কৰক, তেওঁলোকৰ খেয়াল ৰাখক, তৃতীয়তে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক৷
বিশেষ প্ৰয়োজনত বেদখল উচ্ছেদ কৰিবলগা হ’লেও,উচ্চতম ন্যায়লয়ৰ নীতি নিৰ্দেশনা মানিহে উচ্ছেদ কৰক, যধেমধে নহয়৷ নতুন নিৰ্মাণৰ বাবে কৰা উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ আৰু বেছি সতৰ্ক হ’ব লাগিব৷ কোনো পৰিস্থিতিতেই মানবীয় দিশবোৰ এৰাই চলিব নোৱাৰিব আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব বুলি অসম নাগৰিক সমাজে স্পষ্ট কৰি দিয়ে।