• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 23, 2022 4:56 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিকে ধৰি অন্যান্য বিষয়সমূহ সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে এখন সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত অসম নাগৰিক সমাজৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, সভাপতি,সাধাৰণ সম্পাদক পৰেশ মালাকাৰকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। অসম নাগৰিক সমাজৰ নেতৃত্বই কয় যে—এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কবলত৷ ডিমা হাচাওৰ অৱস্থা অবৰ্ণনীয়৷ ই সম্প্ৰতি এক ধংসস্তুপত পৰিণত হৈছে৷ ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে,পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানোঁ৷ পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে৷অসমৰ বাবে বৰষুণ আৰু বানপানী একো নতুন কথা নহয়৷

Apply Now

কিন্তু, পৰিতাপৰ কথা যে নিৰ্মাণ কেন্দ্ৰীক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগলিক পৰিবেশ,জলবায়ু আৰু তাৰ লগত জড়িত অইন প্ৰশ্ন সমূহ সমুলি আওকাণ কৰিছে৷ এটাৰ পিছত এটাকৈ নিৰ্মাণ কাৰ্য চলাই থাকোতে তেওঁলোকে বহনক্ষম বিকাশৰ ধাৰণাটোৰ কথা পাহৰি গৈছে৷ সেয়ে, বাৰিষা আহিলেই আজিকালি আমি সন্ত্ৰস্তহৈ পৰোঁ৷ চাৰিওফালে এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷অসমৰ প্ৰাকৃতিক পৰিবেশ, ভূতাত্তিক গঠন, ভূসংৰচনা আৰু জীৱবৈচিত্ৰ্যৰ প্ৰতি সংবেদনশীল নোহোৱাকৈ যধেমধে কৰা নিৰ্মাণ কাৰ্যই আমাৰ ইতিমধ্যে বিস্তৰ ক্ষতি সাধন কৰিছে৷নিৰ্বননীকৰণ, কয়লা খনন, নদীৰ বুকু খনন আৰু নিৰ্বিচাৰ নিৰ্মাণে সমগ্ৰ অসমখন ইতিমধ্যে জেৰজেৰীয়া কৰি পেলাইছে৷ বহনক্ষম বিকাশৰ ধাৰণাত প্ৰাকৃতিক পৰিবেশ,ভূতাত্ত্বিক গঠন,ভূসংৰচনা,আৰ্থ-সামাজিক,সাংস্কৃতিক উপাদান, লিংগ আদি কৰি সকলোবোৰ কথা বিবেচনা কৰা হয়৷কিন্তু, এতিয়া আমাৰ নিৰ্মাণ কেন্দ্ৰীক বিকাশৰ মূল চালিকা শক্তি হৈছে ৰাজনীতিক আৰু ঠিকাদাৰ৷ ডিমা হাচাওত নতুনকৈ নিৰ্মাণ কৰা ৰেলপথ যাত্ৰীবাহী ৰেল চলাচলৰ বাবে উপযোগী নহয় বুলি হেনো ২০১৫ চনতে কোৱা হৈছিল৷তেন্তে কোনে সেই সতৰ্কীকৰণ অমান্য কৰিলে?

তাৰ দায়িত্ব এতিয়া কোনে ল’ব? আজি ডিমা হাচাওৰ এই অৱস্থা৷কাইলৈ বৃহৎ নদীবান্ধে সমগ্ৰ অসম উটুৱাই নিব পাৰে! আনহাতে, এই দুৰ্যোগৰ মাজতে চৰকাৰে আজি অ’ত, কাইলৈ ত’ত উচ্ছেদ আৰম্ভ কৰিছে৷তাৰ শেহতীয়া উদাহৰণ কাচাৰৰ ডলু চাহ বাগিছা আৰু শিলসাকো৷আমি এতিয়া দুই ধৰণৰ উচ্ছেদ দেখিবলৈ পাইছোঁ: এটা তথাকথিত অবৈধভাবে ভূমি দখল কৰা লোকৰ উচ্ছেদ আৰু আনটো নতুন নিৰ্মাণৰ বাবে ঠাই উলিয়াবলৈ কৰা উচ্ছেদ৷আমি কেতিয়াও নিবিচাৰোঁ ৰাজ্যখনৰ পাহাৰ,পৰ্বত,বিল,জলাহ যিয়ে যেনেকৈ পাৰে দখল কৰক৷কিন্তু, যিকোনো পৰিস্থিতিতে গৰীৱ,দুখীয়াক উচ্ছেদ কৰাৰ আগতে তেওঁলোকৰ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ৷আকৌ গৰীৱ, দুখীয়াক উচ্ছেদ কৰা হয়, ক্ষমতাবান ধনী কিয় বাচি যায়? আনহাতে নিৰ্মাণৰ উদ্দেশ্যে কৰা উচ্ছেদে তাৰ পৰিবেশত কি প্ৰভাব পেলাব,মানুহৰ জীৱন জীবিকাৰ ক্ষতিপূৰণ কি হ’ব, সেই প্ৰকল্পটোৰ লাভ,লোকচান কি হ’ব -এই কথাবোৰ কিয় বিবেচনা কৰা নহয় আৰু এইবোৰ কিয় ৰাজহুৱা কৰা নহয়?

গুৱাহাটীৰ পৌৰসভাৰ নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীয়ে ক’লে যে যি য’ত বহি আছে তাতে তেওঁলোক থাকিব পাৰিব৷ তেওঁলোকক মাটিৰ পট্টা দিয়া হ’ব,যিটো নিৰ্বিচাৰে আমি সমৰ্থন নকৰোঁ৷ কিন্তু, তাৰ পিছত সৌ সিদিনা আমি শিলসাকোত কি দেখিলোঁ? অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অসম নাগৰিক সমাজৰ ফালৰ পৰা আমি ক’ব বিচাৰোঁ যে প্ৰথমে আমাক নিৰ্মাণ কেন্দ্ৰীক বিকাশ নালাগে,মানব নেন্দ্ৰীক বিকাশহে লাগে৷দ্বিতীয়তে চৰকাৰে শীঘ্ৰে,অতি তৎপৰাতাৰে বানত ক্ষতিগ্ৰস্ত লোক সকলক উদ্ধাৰ কৰক, তেওঁলোকৰ খেয়াল ৰাখক, তৃতীয়তে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক৷

বিশেষ প্ৰয়োজনত বেদখল উচ্ছেদ কৰিবলগা হ’লেও,উচ্চতম ন্যায়লয়ৰ নীতি নিৰ্দেশনা মানিহে উচ্ছেদ কৰক, যধেমধে নহয়৷ নতুন নিৰ্মাণৰ বাবে কৰা উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ আৰু বেছি সতৰ্ক হ’ব লাগিব৷ কোনো পৰিস্থিতিতেই মানবীয় দিশবোৰ এৰাই চলিব নোৱাৰিব আৰু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দ্দেশনা সম্পূৰ্ণৰূপে মানি চলিব লাগিব বুলি অসম নাগৰিক সমাজে স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd