ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁৱতো ১ জানুৱাৰিৰ পৰা পাঠদান আৰম্ভ হৈছে প্ৰাথমিক বিদ্যালয় সমূহত

ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহ নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰা পুনৰ ছাত্ৰ-ছাত্ৰীৰৰ বাবে খোলা হৈছে।

ৰাজ্যিক শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়তো সুদীৰ্ঘ ন মাহৰ অন্তত পুনৰ পাঠদান আৰম্ভ হৈছে ।

শুকুৰবাৰে পুৱাৰ ভাগত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ শৰীৰৰ উষ্ণতা পৰীক্ষা কৰাকে ধৰি বিভাগীয় নিৰ্দেশনা অনুসৰি বিদ্যালয়খনত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰতি সোম,বুধ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰতি মঙল, বৃহস্পতি আৰু শনিবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান কৰা হ’ব।

আনহাতে, জাগীৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেলে বিদ্যালয় পৰিদৰ্শন কৰি সন্তুষ্টি ব্যক্ত কৰাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী উষাৰাণী ভৌমিক প্ৰমুখ্যে শিক্ষক- শিক্ষয়ত্ৰীসকলে প্ৰজ্ঞাৰ পোহৰেৰে শিক্ষাৰ্থীসকলৰ জীৱন আলোকিত কৰিবলৈ ন-উদ্যমেৰে সাজু বুলি উল্লেখ কৰে।