দেশৰ ভিন্ন প্ৰান্তৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ

Primary Teachers Protest

ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি বোকাখাত মহকুমা প্রাথমিক শিক্ষক সন্মিলনীয়েও বোকাখাতৰ পশ্চিম গোলাঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয় প্ৰাংগনত তিনিঘন্টীয়া আন্দোলন অনুষ্ঠিত কৰে।

অখিল ভাৰত প্রাথমিক শিক্ষক সংঘৰ শিক্ষকসকলৰ সমস্যা সমূহ সমাধানৰ বাবে বহু দিন ধৰি ভাৰত চৰকাৰক অনুৰোধ জনাই অহাৰ পিছতাে কোনাে সুফল নােপােৱাত ২০১৭/১৮ বৰ্ষৰ দৰে এইবাৰাে চাৰিটা পৰ্যায়ৰ আন্দোলন কার্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে।

উল্লেখ্য যে ভাৰতৰ ২৫ খন ৰাজ্যৰ প্রায় ২৩ লাখ শিক্ষকে আজিৰ এই আন্দোলনত বিদ্যালয়ৰ শ্রেণী কোঠা এৰি আন্দোলন কাৰ্যসূচীত অংশ লয়।

দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰো প্ৰায়বোৰ শিক্ষা খণ্ডতে পুৱা ১০ বজাৰ পৰা তিনি ঘন্টা জোৰা ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

আজি এই কাৰ্যসূচীৰ পাছত যদি চৰকাৰে প্ৰাথমিক শিক্ষকৰ দাবী মানি নলয় তেন্তে দ্বিতীয় লানী কার্যসূচী হিচাপে অহা ২৩ ডিচেম্বৰত দেশৰ সকলাে বিলাক জিলাৰ সদৰত হাজাৰ হাজাৰ শিক্ষক সমবেত হৈ ধৰ্ণা কার্যসূচী পালন কৰিব বুলি জনায় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই।

ইয়াৰ পিছত তৃতীয় কার্যসূচী হিচাপে অহা ২০ আৰু ২১ জানুৱাৰীত অসমৰ ৰাজধানী দিছপুৰত বহু হাজাৰ শিক্ষক সমবেত হৈ অৱস্থান ধর্মঘট আৰু দিচপুৰ চলাে কার্যসূচী ৰূপায়ণ কৰিব প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিবাদী শিক্ষক সকলে।

ইয়াৰ পাছতো যদি চৰকাৰে শিক্ষকৰ দাবী মানি নলয় তেন্তে শেষৰলানি আন্দোলনৰ কার্যসূচী হিচাবে ২১ ৰ পৰা ২৬ ফেব্ৰুৱাৰী পৰ্য্যন্ত ৬ দিনীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰি সপ্তমদিনা অৰ্থাৎ ২৭ ফ্ৰেব্ৰুৱাৰিত দিল্লীৰ সাংসদ ভৱন ঘেৰাও কৰি কেন্দ্ৰ চৰকাৰক হেচা প্রয়ােগ কৰিব বুলি সভাপতি গৰাকীয়ে জনায়।