NORTHEAST NOW (Assamese)

বিজেপিত যোগদান কৰিলে কা বিৰোধী আন্দোলনৰ আছু নেতা অমৃত দত্তৰ লগত আন কেইবাজনো জাতিয়তাবাদী নেতাই

June 15, 2023 11:45 am · এন ই নাও নিউজ, গুৱাহাটী

নাগৰিকত্ব সংশোধনী আইনৰ অন্যতম প্ৰধান আন্দোলনকাৰী অমৃত দত্তই বুধবাৰে আন কেইবাজনো স্থানীয় নেতাৰ সৈতে তিনিচুকীয়া জিলাৰ ডিগবৈত বিজেপিত যোগদান কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা অমৃত দত্ত CAA বিৰোধী প্ৰতিবাদত আগৰণুৱা নেতা আছিল। লগতে ২০১৯ চনৰ ডিচেম্বৰ মাহত তিনিচুকীয়া আৰক্ষীয়ে কা বিৰোধী আন্দোলনত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পিছত এমাহ কাৰাগাৰত কটাবলগীয়া হৈছিল প্ৰাক্তন আছু নেতাগৰাকীয়ে।

খবৰ অনুসৰি, অমৃত দত্তৰ লগতে কংগ্ৰেছ নেতা, অসম জাতীয়তাবাদী যুৱ-চত্ৰ পৰিষদৰ ৰাজ্যিক কাৰ্যবাহী অশোক শৰ্মা, টাই জনগোষ্ঠী হেমন্ত বুঢ়াগোহাঁই আৰু অনুপম দত্তয়েও একে অনুষ্ঠানতে বিজেপিত যোগদান কৰে।

জানিব পৰা মতে এই সকল জাতীয়তাবাদী নেতাৰ লগতে প্ৰায় ৩০০ গৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰিছে। 

এতিয়া প্ৰশ্ন হয়, জাতিৰ ৰক্ষাৰ ফুলজাৰি মৰা এই তথাকথিত জাতি ৰক্ষক সকলে শাসকীয় দলৰ ওচৰত নেগুৰ পেলাই কি আহৰণ কৰিব খুজিছে। জাতিৰ লগত বিশ্বাস ঘাটকতা কৰা এই নেতা সকলে ৰাইজক কি উত্তৰ দিব?

Related News