কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনৰ সংহাৰ ৰোধ কৰিবলৈ ইংলেণ্ডত পুনৰ লকডাউন ঘোষণা

3000-750x375

কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন (মিউট্যান্ট)ৰ সংহাৰ ৰোধ কৰিবলৈ ইংলেণ্ডত পুনৰ লকডাউন ঘোষণা কৰা হৈছে।

সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সোমবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে লকডাউনৰ সিদ্ধান্ত ঘোষণা কৰে।

অহা বুধবাৰৰ পৰা লকডাউন কাৰ্যকৰী হ’ব আৰু ফেব্ৰুৱাৰীৰ মাজভাগলৈ লকডাউন বাহাল থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।

ৰাষ্ট্ৰৰ উদ্দেশ্যে ভাষণ দি ‘বহুৰূপী’ ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ বিষয়ে জনছনে কয়,’’কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা এইবাৰ আমাৰ হাস্পাতালসমূহৰ ওপৰত আটাইতকৈ অধিক চাপ পৰিছে। বিশ্বৰ বহু দেশে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দৰে আমিও এই মিউট্যান্ট ভাইৰাছক বশ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেয়েহে, এইবাৰ লকডাউন কঠোৰ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা আপোনালোকক পুনৰ মই ঘৰতে আৱদ্ধ থাকিবলৈ আহ্বান জনাইছো।‘’

সেইদৰে মাৰ্চৰ পূৰ্বে স্কুল খোলাৰ কোনো সম্ভাৱনা নাই বুলিও জনছনে স্পষ্ট কৰি দিছে। তেওঁ কয় যে পৰিস্থিতি পৰ্যবেক্ষণ কৰিহে স্কুল খোলাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে যদি কৰ’নাত মৃত্যু হ্ৰাস পাই আহে, ভেকচিনে ভালদৰে কাম কৰে, তেতিয়াহ’লে ফেব্ৰুৱাৰিৰ পাছত স্কুল খুলিবও পাৰে।

আনহাতে, ব্ৰিটেইনে বিশ্বৰ প্ৰথম দেশ হিচাপে কৰ’না ভাইৰাছৰ ভেকচিন দিয়া আৰম্ভ কৰিছে।

কিন্তু কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনে দেশখনত সমস্যাৰ সৃষ্টি কৰিছে। দেশখনৰ বহুকেইটা অঞ্চলত এই ভাইৰাছ সংক্ৰমিত হৈ পৰা দেখা গৈছে। ইয়াৰ ফলত ইউৰোপত ব্ৰিটেইন প্ৰায় একাষৰীয়া হৈ পৰিছে।

কৰ’নাৰ এই নতুন ষ্ট্ৰেন আগৰটোতকৈ ৭০ শতাংশ অধিক সংক্ৰামক বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। ইয়াত মৃত্যুৰ হাৰ অধিক নহয় যদিও সংক্ৰমণৰ হাৰ বহু বেছি।