ইটানগৰত প্ৰধান মন্ত্ৰী মোদীৰ বিশাল জনসভা : উদ্বোধন কৰিলে কেইবাটাও প্ৰকল্প

ModiItanagar

অৰুণাচলৰ ইটানগৰত জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে ৰাতিপুৱাই গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশলৈ ৰাওনা হয়। প্ৰধান মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ইটানগৰত উপস্থিত হোৱাৰ পাছত ইন্দিৰা গান্ধী পাৰ্কত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।

অৰুণাচলৰ ইটানগৰত উপস্থিত হোৱাৰ পাছতে প্ৰধান মন্ত্ৰী গৰাকীক ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুকে ধৰি সতীৰ্থ মন্ত্ৰীসকলে আদৰণি জনায়।

প্ৰধান মন্ত্ৰীয়ে ইটানগৰৰ জনসভাত কেন্দ্ৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা বিশেষ দৃষ্টিৰ বিষয়ে উল্লেখ কৰে। প্রধান মন্ত্রী মোদীয়ে অৰুণাচল প্ৰদেশৰ উন্নয়নৰ বাবে ৪৪,০০০কোটি টকাৰ সাহায্য ঘোষণা কৰে।  প্ৰধান মন্ত্ৰীক জনসভাত উপস্থিত হোৱাৰ পাছতে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে সম্বৰ্দ্ধনা জনায়। সভাত কেন্দ্ৰী গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।

প্ৰধান মন্ত্ৰী মোদীয়ে ইটানগৰৰ সমীপৰ হলোংগী বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে। মোদীয়ে পাপুম পাৰৰ ১১০ মেগাৱট শক্তি সম্পন্ন জল বিদ্যুৎ প্ৰকল্পটোও উদ্বোধন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ লোহিত জিলাৰ তেজুত বিমানবন্দৰৰ আধাৰশিলাও স্থাপন কৰে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে দূৰদৰ্শনৰ অৰুণপ্ৰভা নামৰ চেনেলটোও উদ্বোধন কৰে। তদুপৰি, মোদীয়ে ছেলা সুৰংগৰ আধাৰশিলাও স্থাপন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে অৰুণাচল ভ্ৰমণ সমাপ্ত কৰিয়েই দিনৰ ১২-৩০ বজাত আহি গুৱাহাটীত উপস্থিত হ’ব আৰু চাংসাৰিত এইমছৰ ভূমি পূজনত অংশ ল’ব।

উল্লেখযোগ্য যে আজি প্রধান মন্ত্রী মোদী গুৱাহাটীৰ পৰা অৰুণাচললৈ ৰাওনা হোৱাৰ সময়ত আছুকে ধৰি কেইবাটাও সংগঠনৰ ক’লা পতাকা প্ৰদৰ্শনৰ সন্মুখীন হয়। একেদৰে অৰুণাচলতো মোদীক ক’লা প্ৰদৰ্শন কৰি একাংশ বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে।