দেশৰ উন্নয়নৰ ক্ষেত্ৰত ভাল পৰামৰ্শ দিয়াত ব্যৰ্থ; আমোলাক এজাউৰি প্ৰধান মন্ত্ৰী মোদীৰ
নাগৰিকত্ব সংশোধনী আইন নাইবা এন আৰ চি নহয়, দেশৰ অধিকাংশ নাগৰিকেই সাম্প্ৰতিক দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বিগ্ন।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সমস্যাত পৰিছে সাধাৰণ জনতা। দেশত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে সৰ্বাধিক।
অৰ্থনীতিৰ এনে পয়ালগা অৱস্থাৰ সময়ত প্ৰধান মন্ত্ৰী মোদীৰ পিনেই যে সকলোৱে দৃষ্টি ৰাখিছে সেই কথা ভালকৈয়ে বুজি পাইছে মোদীয়ে।
সেয়েহে, আগন্তুক বাজেট প্ৰস্তুতিৰ পূৰ্বে বৃহস্পতিবাৰে নীতি আয়োগৰ বৈঠকত বহিব প্ৰধান মন্ত্ৰী মোদী। বৈঠকত শীৰ্ষ আমোলাৰ লগতে আগশাৰীৰ অৰ্থনীতিবিদো উপস্থিত থকাৰ কথা।
ইয়াৰ পূৰ্বে যোৱা জুন মাহতো দেশৰ চল্লিশ গৰাকী অৰ্থনীতিবিদৰ সৈতে বহিছিল প্ৰধান মন্ত্ৰী।
প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আনুষ্ঠানিকভাৱে বাজেটৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও ১ ফেব্ৰুৱাৰিত বাজেট দাখিল কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।
যোৱা সোমবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দেশৰ অৰ্থনীতিৰ বৰ্তমান অৱস্থাৰ সন্দৰ্ভত আলোচনা কৰা হয়।
জানিব পৰা মতে, ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰ আৰু শনিবাৰে মন্ত্ৰীসভাৰ সদস্য তথা মন্ত্ৰ্যালয়ৰ সচিবসকলৰ সৈতেও প্ৰধান মন্ত্ৰী গৰাকী বৈঠকত মিলিত হয়।
উক্ত বৈঠকত প্ৰধান মন্ত্ৰীয়ে আগন্তুক পাঁচ বছৰত দেশৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰা উচিত সেয়া আমোলাসকলৰ পৰা জানিব বিচাৰে।
পিচে, বৈঠকত কোনো আমোলাই দেশৰ উন্নয়নৰ বাবে সঠিক আঁচনি দাঙি ধৰিব নোৱাৰা বুলি জনা যায়। ইয়াৰ বাবে প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰে মোদীয়ে।