কুৱেইটত অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু; জৰুৰী বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী, সাহায্য ঘোষণা

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোডীয়ে এখন জৰুৰী বৈঠকত বহে। বৈঠকত তাত থকা ভাৰতীয়সকলৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মূলতঃ ই এক পৰ্যালোচনা বৈঠক আছিল।

বাতৰি অনুসৰি, কুৱেইটত বিধ্বংসী অগ্নিকাণ্ডটোত কমেও ৪০ জন ভাৰতীয়কে ধৰি ৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিজন ভাৰতীয়ৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

কুৱেইটৰ দক্ষিণ আহমদী গভৰ্ণমেন্টৰ মাংগাফ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেণ্টৰ তলৰ মহলাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৫০ জনতকৈ অধিক লোক আহত হয়।

লগতে পঢ়কঃ য়েমেনৰ উপকূলত শোকাবহ ঘটনা; নাও ডুবাৰ ফলত ৪৫ জনৰ সলিল সমাধি, নিখোঁজ ১৪০ জন

বিষয়াসকলৰ মতে, অধিকাংশ লোকৰ মৃত্যু হৈছে শুই থকা বাসিন্দাসকল ধোঁৱাত শ্বাসৰুদ্ধ হোৱাৰ বাবে। অৱশ্যে বিষয়াসকলে লগতে জনায় যে বাসিন্দাসকলৰ এটা ‘বৃহৎ অংশ’ আঁতৰাই নিয়া হৈছে।

বৈঠকৰ অন্তত কুৱেইটলৈ সাহায্যৰ কাম চোৱাচিতা কৰিবলৈ প্ৰেৰণ কৰা কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে মৃতসকলৰ পৰিচয় চিনাক্তৰ কাম চলাই থকা হৈছে।

তেওঁ কয়, “আমি ভুক্তভোগীৰ লগত আছো। আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আমি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিছো আৰু আমি কাইলৈ ​​পুৱা কুৱেইটলৈ ৰাওনা হ’ম। আমি পৰিস্থিতি পুনৰীক্ষণ কৰি চিকিৎসালয়ত ভৰ্তি হোৱাসকলক লগ কৰিম।‘’

লগতে পঢ়কঃ ICC T-20 World Cup: টী-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকেৰে অপ্ৰতিৰোধ্য ভাৰত; আমেৰিকা যুক্তৰাষ্ট্ৰকো হৰুৱালে ভাৰতে

নতুনকৈ শপত গ্ৰহণ কৰা বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী মনমোহন সিঙে কয় যে, ‘বেছিভাগ লোক কেৰেলা আৰু দক্ষিণ ভাৰতৰ পৰা আহিছে।‘ কেৰালাৰ সংবাদ মাধ্যমৰ বাতৰি মতে, এই শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা ভাৰতীয়সকলৰ ভিতৰত ৰাজ্যখনৰ আৰু বহু লোক আছে।

কে জি আব্ৰাহাম নামৰ এজন মালয়ালী ব্যৱসায়ীৰ মালিকানাধীন এন বি টি চি গ্ৰুপটোৱে বহুমহলীয়া অট্টালিকাটো ভাড়াত লৈছিল য’ত বেছিভাগেই ভাৰতীয় শ্ৰমিক থকা বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ পূৰ্বে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ ছোৱেকাই সেই স্থান পৰিদৰ্শন কৰ। দূতাবাসে জৰুৰীকালীন হেল্পলাইন নম্বৰ: +৯৬৫ ৬৫৫০৫২৪৬ মুকলি কৰে। সংশ্লিষ্ট সকলোকে আপডেটৰ বাবে এই হেল্পলাইনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।