বিতৰ্কৰ আৱৰ্তত প্ৰধানমন্ত্ৰী মোদী; নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

Narendra Modi

দেওবাৰে সম্পন্ন হল উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।ভাগ্য নিৰ্ণয় হ’ব ৫৯টা বিধানসভা সমষ্টিৰ। আনহাতে, পঞ্জাৱতো ১১৭ খন আসনৰ বাবে ভোটগ্ৰহণ সম্পন্ন হল।

ইয়াৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিষাণ ড্ৰোণ প্ৰকল্প উদ্বোধন কৰাৰ সময়তে এক বিতৰ্কৰ সূত্ৰপাত হয়। উল্লেখ্য যে উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বেছিভাগ ভোটাৰে হৈছে কৃষক।

কেন্দ্ৰৰ কৃষি আইনক লৈ খেতিয়কসকলৰ পূৰ্বৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰক লৈ ক্ষোভ আছিল। দেশৰ গেৰুৱা শিবিৰটোৱেও যৎপৰোনাস্তি চেষ্টা চলাইছে, যেন কোনো কাৰণতে কৃষকৰ এই অসন্তুষ্টিৰ প্ৰভাৱ ভোটৰ বাকচত নপৰে।

প্ৰধানমন্ত্ৰী কিষাণ ড্ৰোন প্ৰকল্পটোক সেয়েহে ৰাজনীতিবিদসকলে কৃষকসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস হিচাপে চিহ্নিত কৰিছে। মুখ্যতঃ কীটনাশক বিয়পোৱা আৰু খাদ্য নিৰীক্ষণৰ বাবে এই ড্ৰোন ব্যৱহাৰ কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু গোৱাত প্ৰথমে কিষাণ ড্ৰোন সেৱা আৰম্ভ কৰা হ’ব৷ তাৎপৰ্যপূৰ্ণভাৱে, এই তিনিটা স্থানত ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে৷

প্ৰশ্ন উত্থাপিত হয়, নিৰ্বাচনৰ সময়ত আদৰ্শ আচৰণ বিধি বলৱৎ থকাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ঘোষণা নিৰ্বাচনী আচৰণ বিধিৰ উলংঘন নহয় নেকি?

ইফালে, যোগীৰ ৰাজ্যৰ খেতিয়কসকলে অভিযোগ কৰিছে যে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য নাপায়। ইয়াৰ লগতে, অত্যধিক বিদ্যুতৰ বিলৰ সমস্যা আছে৷ এইবোৰ যোগী চৰকাৰে সমাধান কৰা নাই৷

ই ভি এমত আলু খেতিয়কৰ খং প্ৰতিফলিত হ’লে বিজেপিৰ সমস্যা বৃদ্ধি পাব। আনফালে আকৌ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশৰ গোণ্ডাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত চাকৰিৰ দাবীত বহুতো মানুহে প্ৰতিবাদ কৰিছিল।

তেওঁলোকে সেনাত নিযুক্তি বিচাৰি নিৰ্বাচনী সভাতে শ্ল’গান দিছিল।এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত ৰাজনাথ সিঙে মঞ্চৰ পৰা আশ্বাস দিয়া শুনা যায়, ‘এয়া হ’ব, হ’ব। আপোনালোক নিশ্চিত হৈ থাকক। কৰ’নাৰ বাবে কিছু সমস্যা আছিল, নিযুক্তি পুনৰ আৰম্ভ হ’ব।’

কৃষকৰ খং অব্যাহত থকাৰ সময়তে বিজেপিয়ে এইবাৰ নিজৰ ইস্তাহাৰত দাবী কৰিছে যে যদি বিজেপি ক্ষমতালৈ ঘূৰি আহে, ই উত্তৰ প্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ কমেও এজন সদস্যৰ বাবে নিযুক্তি নিশ্চিত কৰিব।

আনহাতে, অখিলেশ যাদৱে লগতে দাবী কৰে যে যদি তেওঁৰ দল শাসনলৈ আহে, তেন্তে দুগুণ হাৰত চাকৰি সৃষ্টি হ’ব। অৱশ্যে, আশ্বাসৰ লগতে, পাৰস্পৰিক বোকা-ছটিওৱা ৰাজনীতি অব্যাহত আছে।