লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰধান মন্ত্ৰী মোদী: দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে

WhatsApp Image 2020-08-15 at 8.32.08 AM

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

প্ৰধান মন্ত্ৰীয়ে কয় যে আজি আমি যিখন স্বাধীন ভাৰতত উশাহ লৈছো, ইয়াৰ আঁৰত ভাৰত মাতাৰ লক্ষ লক্ষ সন্তানৰ ত্যাগ, বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰাৰ বাবে সমৰ্পন নিহিত আছে। আজি এনে সকলো স্বাধীনতাৰ সৈনিক, বীৰ শ্বহীদক শ্ৰদ্ধা জনোৱাৰ দিন।

তেওঁ কয় যে কৰ’নাৰ এই সংকটৰ সময়ত সেৱাই পৰম ধৰ্ম হিচাপে লৈ নিজৰ জীৱনক তুচ্চ কৰি আমাৰ ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স কৰ্মী, ছাফাই কৰ্মী, স্বাস্থ্যকৰ্মী, আৰক্ষীকে ধৰি বহু লোকে ২৪ঘন্টাই সেৱা আগবঢ়াইছে। এনে সকলো কৰ’না যোদ্ধাকে অভিনন্দন জনাইছো।

প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত কাৰো নাম নোলোৱাকৈ চীনৰ প্ৰতিও বাৰ্তা দিয়ে। তেওঁ কয় যে সম্প্ৰসাৰণবাদৰ (বিস্তাৰবাদ) চিন্তাই বহুত বিস্তাৰৰ চেষ্টা চলাইছে।

তেওঁ কয়, বিস্তাৰবাদীৰ চিন্তাই কেবল কেইখনমান দেশক গোলাম বনাইয়ে এৰা নাই, তাতেই সকলো শেষ নহয়। ভীষণ যুদ্ধ আৰু ভয়ানক পৰিস্থিতিৰ মাজতো ভাৰতে স্বাধীনতাৰ যুঁজত কেতিয়াও দুৰ্বল ভাৱনা আহিব দিয়া নাই।

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে কৰ’না মহামাৰীৰ মাজতে ১৩০ কোটি দেশবাসীয়ে আত্মনিৰ্ভৰ হোৱাৰ সংকল্প লৈছে।

তেওঁ কয় যে আজি দেশে বহুতো নতুন পদক্ষেপ গ্ৰহণ কৰিছে, সেইকাৰণেই আপোনালেকে দেখিছে স্পেছ ছেক্টৰ মুকলি কৰি দিয়া হৈছে, দেশৰ যুৱ সম্প্ৰদায়ে সুযোগ লাভ লৈছে। আমি কৃষি ক্ষেত্ৰক বান্ধোনৰ পৰা মুক্ত কৰিছো। আমি আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ প্ৰয়াস কৰিছো।

লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে মোদীয়ে কয় যে আজি বিশ্বৰ বহু ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতৰ প্ৰতি আকৃষ্ট হৈছে। আমি মেক ইন ইণ্ডিয়াৰ লগে লগে মেক ফৰ ৱৰ্ল্ড মন্ত্ৰৰে আগবাঢ়ি যাব লাগিব।

তেওঁ কয়, বিগত বৰ্ষত ভাৰতত বিদেশী বিনিয়োগে এতিয়ালৈকে সকলো অভিলেখ ভংগ কৰিছে। ভাৰতত বিদেশী বিনিয়োগত ১৮ শতাংশ বৃদ্ধি পাইছে।