NORTHEAST NOW (Assamese)

প্ৰব্ৰজিত শ্ৰমিকক নিজ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ লক্ষ্যৰে ‘গৰীৱ কল্যাণ ৰোজগাৰ যোজনা’ মুকলি প্ৰধান মন্ত্ৰী মোদীৰ

June 20, 2020 1:56 pm · এন ই নাও নিউজ
Updated: June 20, 2020 1:57 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ক’ৰ’না মহামাৰীৰ সময়ত নিজ ৰাজ্যলৈ উভতি অহা দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত শ্ৰমিক সকলৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘গৰীৱ কল্যাণ ৰোজগাৰ যোজনা’ নামৰ এক আঁচনি মুকলি কৰে।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ উপস্থিতিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০,০০০ কোটি টকৰা এই আঁচনিখন মুকলি কৰে।

এই আঁচনি খনে বিহাৰ, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু ওড়িশাৰ মুঠ ১১৬ খন জিলা সামৰি ল’ব।

উল্লেখযোগ্য যে, নিজ ৰাজ্যলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিক সকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে এই আঁচনিখন মুকলি কৰা হৈছে।

ইয়াৰ দ্বাৰা ঘৰলৈ উভতি অহা শ্ৰমিক সকল লাভান্বিত হ’ব বুলিও প্ৰধান মন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ সময়ত ঘোষণা কৰা ল’কডাউনত বহিঃৰাজ্য সমূহৰ পৰা লাখ লাখ শ্ৰমিকে কাম বাদ দি নিজৰ ৰাজ্যলৈ উভতি আহিছিল।

এই প্ৰব্ৰজিত শ্ৰমিক সকলে যাতে কৰ্মসংস্থাপন বিহীন হ’ব নালাগে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গৰীৱ কল্যাণ ৰোজগাৰ যোজনাৰ নামৰ আঁচনিখন ৰূপায়ন কৰাৰ সিদ্ধান্তত উপনীত হয়।

Related News