আজি অৰুণাচলৰ পাচিঘাটত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পাচিঘাটৰ নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনাৰে তুলাধূনা দিয়ে মোডীয়ে। সভাত প্ৰধান মন্ত্ৰীগৰাকীয়ে বিগত সময়ত কংগ্ৰেছৰ কিমানজন প্ৰধান মন্ত্ৰী হ’ল কিন্তু অৰুণাচলৈ কিমানবাৰ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী আহিছে বুলি প্ৰশ্ন কৰে।
সভাত মোডীয়ে কংগ্ৰেছৰ নীতি একমাত্ৰ ভোট বেংক বুলি সমালোচনা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি থকা মৰমৰ বাবে ৫ বছৰত তেওঁ নিজে ৩০ বাৰতকৈও অধিক উত্তৰ-পূৱলৈ অহিছে আৰু পষেকত এজনকৈ কেন্দ্ৰীয় মন্ত্ৰীক উত্তৰ-পূৱ ভ্ৰমণলৈ তেওঁ পঠাইছে বুলিও কয় মোদীয়ে।
আনহাতে, বিজেপিৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে প্ৰথম বাৰলৈ উত্তৰ-পূৱৰ বিকাশৰ বাবে সুকীয়া মন্ত্ৰালয় বনাইছিল কিন্তু কংগ্ৰেছে সেই কাম কিয় কৰিব পৰা নাছিল বুলি কটাক্ষ কৰে। চীনৰ আক্ৰমণৰ সময়ত কংগ্ৰেছে অৰুণাচলক চীনৰ হাতত গটাই দিবলৈ ওলাইছিল সেয়েহে অৰুণাচলৰ জনসাধাৰণে কেতিয়াও তেনে দলক ভোট দান নকৰে বুলি জনসভাত মন্তব্য কৰে মোডীয়ে।
১১ এপ্ৰিলত বিকাশৰ দ্বৈত ইঞ্জিনক আৰু অধিক শক্তিশালী কৰিবৰ বাবে সকলো জনসাধাৰণকে বিজেপিক ভোট দান কৰাৰ বাবে আহ্বান জনাই।
তদুপৰি আয়ুষ্মান ভাৰত আচনিৰ অধীনত অৰুণাচলৰ প্ৰায় তিনি লাখ লোক উপকৃত হৈছে। ভাৰতত থকা আয়ুষ্মান ভাৰতৰ হিতাধিকাৰীৰ সংখ্যা আমেৰিকা আৰু কানাডাৰ জনসংখ্যাতকৈও অধিক বুলি কয় মোডীয়ে। কংগ্ৰেছৰ যদিহে ৰাইজৰ প্ৰতি ইমান শ্ৰদ্ধা আছে ৭০ বছৰত তেওঁলোকে কিয় এনে আচনি কাৰ্য্যকৰী কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে।