NORTHEAST NOW (Assamese)

কাইলৈ গহপুৰ আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীয়ে

March 29, 2019 4:43 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদীৰ ফাইল ফটো। ছবি- ইউ বি।

কাইলৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে তেজপুৰ লোকসভা সমষ্টিৰ গহপুৰৰ বৰঙাবাৰী আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ মৰাণত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

মোদীৰ আগমণক লৈ প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই। আজি সভাস্থলী পৰিদৰ্শন কৰাৰ বাবে গহপুৰত উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্য মন্ত্ৰীৰ লগত উপস্থিত থাকি সভাস্থলী পৰিদৰ্শনত সহায় কৰে পঞ্চায়ত আৰু গ্ৰামোণ্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলে, বিজেপিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ উৎপল দত্তই।

উল্লেখযোগ্য যে, তেজপুৰত বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মোদীয়ে দুয়োগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

আনহাতে, কংগ্ৰেছে তেজপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ক্ৰমে এ জি ভি কে ভানু আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

দুয়োটা সমষ্টিত প্ৰথম পৰ্য্যায়ক অৰ্থাৎ ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News