দীৰ্ঘদিন ধৰি ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰি থকা নেপালৰ হাউছ অব ৰিপ্ৰেজেণ্টেটিভত আজি অনুষ্ঠিত হোৱা আস্থা ভোটত জয়ী হৈছে প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা।
২৭৫ জনীয়া হাউছ অব ৰিপ্ৰেজেণ্টেটিভত আজি অনুষ্ঠিত আস্থা ভোটত দেউবাই লাভ কৰে ১৬৩ টা ভোট। ফলত হিমালয়ৰ পাদদেশত অৱস্থিত দেশ খনত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে নেপালী কংগ্ৰেছৰ নেতা দেউবাই প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰিব।
অৰ্থাৎ দেউবাই প্ৰায় ডেৰ বছৰ নেপালত প্ৰধানমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পালে।উল্লেখ্য চলিত বৰ্ষৰ ১৩ জুলাইত দেউবাই নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈছিল।ইয়াৰ পূৰ্বেও তেওঁ চাৰিবাৰৰ বাবে (১৯৯৫-১৯৯৭,২০০১-২০০২,২০০৪-২০০৫ আৰু ২০১৭-২০১৮) নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
নেপালৰ দাদেলধুৰা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হোৱা শ্বেৰ বাহাদুৰ দেউবাই ২০১৬ চনৰ পৰাই নেপালী কংগ্ৰেছৰ সভাপতি পদত অধিস্থিত হৈ আহিছে।
প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা নেতৃত্বাধীন মধ্যমপন্থী নেপালী কংগ্ৰেছ পাৰ্টীক ভাৰতৰ বন্ধু ভাৱাপন্ন বুলি গণ্য কৰা হয়। সেয়ে প্ৰধানমন্ত্ৰীৰ পদত দেউবা বাহাল থকাটো ভাৰতৰ বাবে সুখকৰ খবৰ হিচাবে বিবেচিত হৈছে।